অসম লাইভ২৪ঃ এটা ষ্টেচন। দেশৰ অইন ষ্টেচনসমূহৰ সৈতে একেই যদিও এই ষ্টেচনৰ আছে কেইটামান বিশেষত্ব। দুখন ৰাজ্যৰ মাজত আছে ষ্টেচনটো। ষ্টেচনৰ টিকট কাউণ্টাৰ এখন ৰাজ্যত, ষ্টেচন মাষ্টাৰ বহে আনখন ৰাজ্যত। ষ্টেচনটো দুখন ৰাজ্যৰ মাটিতেই আছে। দেশৰ অন্যান্য ষ্টেচনসমূহৰ নাম সাধাৰণতে তিনিটা ভাষাত লিখা থাকে। হিন্দি, ইংৰাজী আৰু ৰাজ্যসমূহৰ স্থানীয় ভাষা। কিন্তু এই ষ্টেচনৰ নাম লিখা আছে ৪টা ভাষাত। হিন্দি, ইংৰাজী, গুজৰাটী আৰু মাৰাঠি।
এই ষ্টেচন অৱস্থিত নয়াপুৰত। অৰ্থাৎ এই ৰে’ল ষ্টেচনটো মহাৰাষ্ট্ৰ আৰু গুজৰাট সীমান্তত অৱস্থিত। এই ষ্টেচনত কাল্পনিকভাৱে এটা সীমাৰেখা বান্ধি লোৱা হৈছে। এই সীমাত এখন বেঞ্চ সাজিছে ৰে’ল বিভাগে। দুয়োখন ৰাজ্যৰ লোকেই এই বেঞ্চত বহিব পাৰে। বেঞ্চখনৰ গাতে দুয়োখন ৰাজ্যৰ নাম লিখা আছে। বহুতেই এই স্থানক চেলফী জ’ন হিচাপেও ব্যৱহাৰ কৰে।
দুই ৰাজ্যৰ নিয়মেই লাঘু হয় এই ষ্টেচনত
দুই ৰাজ্যত সীমাত যিহেতু এই ষ্টেচন আছে ইয়াত দুয়ো ৰাজ্যৰ নিয়মেই লাঘু হয়। অৰ্থাৎ গুজৰাটৰ ফালে থকা অংশত সুৰাপানৰ ওপৰত নিষেধাজ্ঞা আছে আৰু মহাৰাষ্ট্ৰৰ ফালে পান মচলা তথা গুটকা সম্পূৰ্ণৰূপে নিষিদ্ধ। দেশত আৰু এনে দুটা ষ্টেচন আছে। এটা ষ্টেচন আছে মধ্যপ্ৰদেশ সীমান্তত আৰু আনটো আছে ৰাজস্থানত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ