অসম লাইভ ২৪ঃ চীনৰ বিলিয়নাৰ তথা আলী বাবা এণ্ড গ্ৰুপৰ স্বত্বাধিকাৰী জেক মা বিগত দুমাহ ধৰি সন্ধানহীন। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চকুৰ কুটা হোৱাৰ পাছতেই তেওঁক আৰু কোনো ৰাজহুৱা অনুষ্ঠানত দেখা পোৱা নাই। তথাপিও তেওঁৰ কোম্পানীসমূহত ধাৰাবাহিক কাম চলি আছে। জেক মা এইদৰে নিখোজ হোৱাৰ পাছত অনেকে অনেক সন্দেহ কৰিছে। চীনৰ এই বিখ্যাত ব্যৱসায়ীক বিভিন্ন অনুষ্ঠানত বক্তা হিচাপে দেখা পোৱা যায়। জেক মা মটিভেচনেল ভাষণ দিয়াৰ বাবে যুৱ সমাজৰ মাজত খুবেই জনপ্ৰিয়। বিগত বছৰত তেওঁ চাংহাইত এটা অনুষ্ঠানত সুদখোৰ আৰ্থিক নিয়ন্ত্ৰক আৰু পাব্লিক ছেক্টৰৰ বেংকসমূহত বেংকসমূহক তীব্ৰ সমালোচনা কৰিছিল। তেওঁ চৰকাৰৰ ওচৰত আৱেদন জনাইছিল যে ছিষ্টেমত পৰিৱৰ্তন অনা দৰকাৰ যাতে ব্যৱসায়ত নতুন সামগ্ৰিক প্ৰৱৰ্তনৰ প্ৰচেষ্টা দমন নহয়। তেওঁ বেংকৰ নিয়মসমূহক বয়োজ্যেষ্ঠৰ ক্লাব বুলি কৈছিল। আৰু তেওঁৰ সেই ভাষণৰ পাছতে চীনৰ ক্ষমতাত থকা কমিউনিষ্ট পাৰ্টী ক্ষোভত ফাটি পৰিছিল। জেক মাৰ এই ভাষণ কমিউনিষ্ট পাৰ্টীৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হৈছিল। ইয়াৰ পাছতে জেক মাৰ সমস্যাৰ দিন আৰম্ভ হয়। তেওঁৰ ব্যৱসায়ৰ বিৰুদ্ধে নানাধৰণৰ তদন্ত আৰম্ভ হয়। বিগত বছৰৰ নৱেম্বৰ মাহত তেওঁ এণ্ট গ্ৰুপৰ ৩৭ বিলিয়ন ডলাৰৰ আই পি অ’ নিষিদ্ধ কৰি দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ