অসম লাইভ ২৪ঃ বিবাহ অনুষ্ঠানলৈ যোৱাৰ সময়ত দৰা-কইনালৈ উপহাৰ লৈ যোৱাটো তেনেই স্বাভাৱিক। কিন্তু বিবাহৰ শুভ ক্ষণত মনে বিচৰা উপহাৰ নোপোৱাৰ বাবে ভংগ হ’ল এখন বিবাহ। শুনাত যদিও আচৰিত লাগিছে এয়াই সত্য। দৰাচলতে এই ঘটনা সংঘটিত হৈছে কানাডাত। ছুজেন নামৰ এগৰাকী যুৱতীৰ প্ৰয়োজন আছিল ৬০ হাজাৰ ডলাৰৰ। আৰু প্ৰয়োজনীয় টকা গোটাবৰ বাবে ছুজেনে পৰিকল্পনা কৰিছিল বিবাহৰ। বিবাহত উপস্থিত অতিথিৰ পৰা ছুজেনে উপহাৰ হিচাপে বিচাৰিছিল নগদ টকা। কিন্তু উপস্থিত অতিথিৰ পৰা টকা লাভ নকৰাত খংঙত অগ্নিশর্মা হৈ পৰে কইনা ছুজেন আৰু বাতিল কৰে বিবাহ। ছুজেনে দোষাৰোপ কৰে হ’বলগীয়া স্বামীয়ে নিমন্ত্ৰণ কৰা অতিথিক। পৰিকল্পনা অনুসৰি টকা গোটাব নোৱাৰি বিবাহ ভংগ কৰা ছুজেনৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ