অসম লাইভ২৪ঃ বিলাহী বিক্ৰি কৰি কোটিপতি হ’ল এজন পাচলি ব্যৱসায়ী৷ অবিশ্বাস্য হ’লেও এই কথাই সত্য৷ বিলাহী বিক্ৰি কৰিয়েই অডি কিনিব পৰাকৈ ধন উপাৰ্জন কৰিছে এজন ব্যৱয়াসীয়ে৷ বিগত কেইবাদিনো ধৰি দেশত বিলাহীৰ দাম আকাশলংঘী৷ বজাৰলৈ গৈ বিলাহীৰ দাম শুনিয়েই উভতি আহিছে বহুজন৷ বিলাহী বিক্ৰি কৰিয়েই কোটি কোটি টকা ঘটিছে তুকাৰাম নামৰ এজন ব্যৱয়াসীয়ে৷ তুকাৰাম এলাপেছা বেপাৰী নহয়৷ তুকাৰামৰ আছে ১২একৰ মাটি৷ তেওঁৰ সন্তান ঈশ্বৰ আৰু পত্নী সোনালীৰ সৈতে এইবাৰ বিশেষভাৱে বিলাহীৰ খেতি কৰিছিল তুকাৰামে৷ খেতি আৰম্ভ কৰোতে তুকাৰামে ভৱা নাছিল যে তেওঁৰ ইমান লাভ হ’ব৷
নাৰায়ণগঞ্জক এইগৰাকী কৃষকে এদিনতেই বিলাহী বিক্ৰি কৰি লাভ কৰিছিল ১৮ লাখ টকা৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত দিয়া মন্তব্যত নিজেই এই কথা উল্লেখ কৰিছে তুকাৰামে৷ বিলাহীৰ খেতি কৰাত তেওঁক সহায় কৰিছে পত্নী সোনালীয়েও৷ খেতি কৰাৰ পৰা বজাৰলৈ পাচলি লৈ অনাৰ কাম নিজেই কৰে তুকাৰামে৷ তেওঁ ১২ একৰ ভুমিত বিলাহী খেতি কৰোতে চুবুৰীয়া বহুলোককে সংস্থাপনো দিছে৷ কৃষিকৰ্মৰ ওপৰিও তুকাৰামে বজাৰত পাচলি বিক্ৰি কৰা কৰ্মও সমানেই কৰি আহিছে৷ বিক্ৰিৰ ক্ষেত্ৰত সমূহ হিচাপ নিকাচৰ কাম কৰে তেওঁৰ পুত্ৰই৷ পৰিয়ালৰ সকলোৰে সহযোগিতাত কৃষিকৰ্ম কৰি আজি কোটিপতি কৃষকৰ তালিকাত অন্তৰ্ভূক্ত হ’ল তুকাৰাম৷
কেৱল মহাৰাষ্ট্ৰতেই নহয়,কৰ্ণাটকতো সম্প্ৰতি বিলাহী বিক্ৰি কৰি লাখপতি হৈছে এটা কৃষক পৰিয়াল৷ কৰ্ণাটকত চলিত সপ্তাহত ২০০০ বক্স বিলাহী বিক্ৰি কৰিছে এজন কৃষকে৷ তেওঁ এসপ্তাহতেই বিলাহী বিক্ৰি কৰি ৩৮ লাখ টকা ঘৰলৈ আনিছে৷ খেতি কৰিয়েই এইবাৰ দেশৰ কেইবাটাও পৰিয়াল হঠাতে কোটিপতি হৈ পৰিছে বুলি জনাইছে কেইবাটাও সমীক্ষাই৷ বিভিন্ন এলেকাত টাস্ক ফৰ্চে সক্ৰিয়ভাৱে কাম কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















