অসম লাইভ২৪ঃ সুস্থ থাকিবলৈ স্বাস্থ্যকৰ খাদ্য, শৰীৰচৰ্চাৰ লগতে পৰ্যাপ্ত টোপনিৰো অতি প্ৰয়োজন। নিদ্ৰাহীনতাৰ পৰা হৃদৰোগ, স্নায়ুৰ দুৰ্বলতা, স্থুলতাৰ দৰে সমস্যাই শৰীৰক ভাৰাক্ৰান্ত কৰে। চিকিৎসকে জনোৱা অনুসৰি প্ৰাপ্তবয়স্ক এজন লোকে দিনত ৭-৮ ঘণ্টা সময় শুৱাটো অতিকৈ প্ৰয়োজন। সঠিককৈ টোপনি নহ’লে তাৰ প্ৰভাৱ আমাৰ মনতো পৰে। বহুদিন ধৰি এই সমস্যা হৈ থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। ঘৰুৱা উপায়েৰেও এই সমস্যা সমাধা কৰিব পাৰি।
এনে কিছু খাদ্য আছে যিয়ে নিদ্ৰাহীনতাৰ সমস্যা দূৰ কৰে। পুষ্টিবিদৰ মতে মেগনেছিয়াম, কেলছিয়াম, জিংক আৰু ভিটামিন বি ৰ দৰে পুষ্টি থকা উপাদানসমূহে টোপনিৰ সমস্যা দূৰ কৰে। শৰীৰত এই উপাদানসমূহৰ অভাৱতেই টোপনিৰ সমস্যাই দেখা দিয়ে। ট্ৰিপটোফান, চেৰোটোনিন আৰু মেলাটোনিনৰ অভাৱত নিদ্ৰাহীনতাৰ সমস্যাই দেখা দিয়ে। দৈনিক খাদ্য তালিকাত কি কি ৰাখিলে এই সমস্যাৰ সমাধান হয়?
গৰম গাখীৰ
নিদ্ৰাহীনতাৰ সমস্যা দূৰ কৰিবলৈ প্ৰতিদিনে এক গিলাছ গৰম গাখীৰ খাব লাগে। গাখীৰত থকা উপাদানে মস্তিষ্কত ট্ৰিপটোফেন আৰু চেৰোটোনিন নামৰ এমাইন এছিডে টোপনি ভাল কৰাত সহায় কৰে।
আখৰোট
নিয়মিতভাৱে আখৰোট খালেও টোপনি ভাল হয়। আখৰোটত মেলাটোনিনৰ প্ৰধান উৎস। আখৰোটে শৰীৰত আলফাস লিনোলিক এছিড, ওমেগা-৩ ফেটি এছিডৰ যোগান ধৰে। যিয়ে চেৰোটোনিনৰ ক্ষৰণ বৃদ্ধিত সহায় কৰে।
কোমোৰাৰ বীজ
কম পৰিমাণে ভোক লাগি থাকিলে কোমোৰাৰ বীজ খাব পাৰে। কৰ্ণফ্লেক্স বা ওটছৰ লগত এই বীজ মিহলাই খাব পাৰে। এই বীজ ট্ৰিপটোফেনৰ ভাল উৎস।
কল
দৈনিক কল খালে শৰীৰৰ উপকাৰ হয়। কলত থকা ভিটামিন বি-৬, ট্ৰিপটোফেন, মেগনেছিয়াম, পটাছিয়ামে টোপনি ভাল কৰাত সহায় কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ