অসম লাইভ২৪ঃ পাইথাগোৰাছৰ উপপাদ্য নোহোৱাকৈ অংকৰ বহু সমাধান কৰা সম্ভৱ নহয়। ২০০০ বছৰ পূৰ্বেই পাইথাগোৰাছে উপপাদ্যটোৰ উলিয়াইছিল। উপপাদ্যত কোৱা হৈছে যে a²+b² = c², য’ত a = ভূমি, b = লম্ব আৰু c = কৰ্ণ। অৰ্থাৎ গণিতৰ ভাষাত, যিকোনো সমকোণী ত্ৰিভূজৰ কৰ্ণৰ ওপৰত অংকন কৰা বৰ্গৰ ক্ষেত্ৰফল আন দুটা বাহু (ভূমি আৰু লম্ব) অংকন কৰা বৰ্গৰ ক্ষেত্ৰফলৰ যোগফলৰ সমান। পাইথাগোৰাছৰ উপপাদ্যত থকা অনুসৰি ‘লম্ব² + ভূমি² = কৰ্ণ² (a²+b² = c²)।
এই উপপাদ্যটোক ২০০০ বছৰ পাছত নতুন ধৰণে প্ৰমাণ কৰিছে আমেৰিকাৰ দুগৰাকী ছাত্ৰীয়ে। স্কুলীয়া ছাত্ৰী দুগৰাকীয়ে দাবী কৰা অনুসৰি, ত্ৰিকোণমিতিৰ দ্বাৰা পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰিব পাৰি। পূৰ্বে গণিতৰ বিশেষজ্ঞসকলে দাবী কৰিছিল যে ত্ৰিকোণমিতিৰে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰাৰ কোনো উপায় নাই। কিয়নো ত্ৰিকোণমিতিৰ সকলো মৌলিক সূত্ৰ পাইথাগোৰাছৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই সৃষ্টি হৈছে।
ব্ৰিটেইনৰ বাতৰি কাকত ‘দ্য মেট্ৰ’ৰ প্ৰতিবেদন অনুসৰি বৰদিনৰ বন্ধৰ সময়ত ‘বোনাছ’ প্ৰশ্নৰ উত্তৰ দিওঁতে আমেৰিকাৰ ছেইণ্ট মেৰী একাডেমীৰ দুগৰাকী ছাত্ৰী নেকিয়া জেকছন আৰু কেলছিয়া ৰুজিয়ান জনছনে পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰাৰ এক নতুন উপায় আৱিষ্কাৰ কৰে।
বিগত ১৮ মাৰ্চত আমেৰিকান মেথেমেটিকেল ছ’চাইটিৰ আঞ্চলিক বৈঠকত তেওঁলোকে পাইথাগোৰাছৰ উপপাদ্য প্ৰমাণ কৰা বুলি দাবী কৰি এখন গৱেষণা পত্ৰ দাখিল কৰে। সেই বৈঠকত তেওঁলোকৰ আৱিষ্কাৰ আলোচনীখনত প্ৰকাশ কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে এই পৰ্যন্ত কোনো নথি ৰাজহুৱা কৰা হোৱা নাই। আমেৰিকান মেথেমেটিকেল ছ’চাইটিৰ দক্ষিণ-পূব আঞ্চলিক সন্মিলনত তেওঁলোকে দাবী কৰিছে, যিখন কিতাপত পাইথাগোৰাছৰ উপপাদ্যৰ সৰ্বাধিক প্ৰমান আছে, সেই গ্ৰন্থৰ লেখকে কৈছিল যে ত্ৰিকোণমিতিৰে পাইথাগোৰাছৰ উপপাদ্যটো প্ৰমাণ কৰাৰ কোনো উপায় নাই। কিয়নো ত্ৰিকোণমিতিৰ সকলো মৌলিক সূত্ৰ পাইথাগোৰাছৰ সূত্ৰৰ ওপৰত ভিত্তি কৰিয়েই সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ