অসম লাইভ ২৪ঃ এক অমানৱীয় কাণ্ড। পিতৃয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীসহ, পুত্ৰ-কন্যাক। কিমান নিৰ্দয় হ’ব পাৰে এজন লোক? এনে এক ঘটনা সংঘটিত হৈছে এইখন অসমৰে নগাঁৱত। এটি কণমানি কন্যা সন্তানক নিজ পিতৃয়ে এচিড ঢালি জ্বলাই দিয়াৰ পাছতে থিতাতে মৃত্যু হয় কণমানি কন্যা সন্তানটি। ইপিনে পুত্ৰ পত্নীক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পত্নী মিনাৰ বেগমৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। যদিও আধাবাটতে মৃত্যুক আঁকোৱালি লয় মিনাৰ বেগমে। পুত্ৰ চিৰাজুল ইছলাম এতিয়া চিকিৎসাধীন হৈয়ে আছে নগাঁৱত। বৰ্তমান পলাতক হৈ আছে হত্যাকাৰী ৰফিকুল ইছলাম। জানিব পৰামতে পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হৈছে। এই কথা জানিব দিয়ে মিনাৰ বেগমৰ পৰিয়ালৰ লোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ