অসম লাইভ২৪ঃ খুব কম বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেতা ৰাজপাল যাদৱ। সেই সময়ত তেওঁ কাম কৰিছিল এটা কাপোৰৰ কাৰখানাত। ঘৰত মাক বাপেক ভগ্নীৰ ওপৰিও আছিল অন্তঃসত্ত্বা পত্নী। মাত্ৰ ২০বছৰ বয়সতেই পত্নীক হেৰুৱাই ৰাজপাল যাদৱে। পত্নীৰ মৃত্যুৰ সময়ত তেওঁৰ সন্তানৰ বয়স হৈছিল মাত্ৰ ১দিন। সন্তান প্ৰসৱ কৰিয়েই মৃত্যুক সাবটিলে ৰাজপালৰ পত্নীয়ে। নিজেই পত্নীৰ মৃতদেহ সৎকাৰ কৰিছিল ৰাজপালে। পত্নীক সৎকাৰ কৰাৰ যন্ত্ৰণা আজিও বুকুত কঢ়িয়াই থকাৰ কথা কেইবাটাও ইণ্টাৰভিউত প্ৰকাশ কৰি আহিছে ৰাজপাল যাদৱে।
পৰ্দাত সকলোকে হঁহোৱাই থকা কৌতুক অভিনেতা ৰাজপাল যাদৱৰ জীৱনৰ এই অধ্যায়ৰ কথা বহুতেই নাজানে। হাস্যৰসৰ বাবেই তেওঁ দৰ্শকৰ অতি প্ৰিয়। চিনেমাৰ জগতত ২৫বছৰ সম্পূৰ্ণ কৰিছে ৰাজপালে। অভিনেতা ৰাজপালৰ হাঁহিৰ আঁৰত লুকাই থকা দুখ কোনোৱেই হয়তো বুজিব নোৱাৰিব। তেওঁ এই সন্দৰ্ভত কয়, ‘চন তেতিয়া ১৯৯১। সেই সময়ত মই মোৰ প্ৰথম পত্নীক হেৰুৱালো। আৰ্থিকভাৱে মই খুবেই দুৰ্বল আছিলো। ঘৰত অভাৱৰ বাবেই মই এটা কাপোৰৰ কোম্পানীত কাম কৰিছিলো। পত্নী সন্তান সম্ভৱা হৈ থকাৰ সময়ত মই মাজে মাজে দেখা কৰিবলৈ আহো। কিন্তু হঠাৎ মোৰ জীৱনলৈ অমানিশা নামি আহিল। সন্তান জন্মৰ লগে লগেই মোৰ পত্নীৰ মৃত্যু হ’ল। সুখৰ সংসাৰ আৰু নাথাকিল।’
প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত আৰম্ভ হ’ল যুদ্ধ। নেশ্ব্যনেল স্কুল অৱ ড্ৰামাত গৈ নাটকৰ শিক্ষা ল’বলৈ আৰম্ভ কৰে ৰাজপালে। তাৰপাছতেই একাধিক টিভি শ্বো’ত পোনতে কেৰিয়াৰ আৰম্ভ কৰে ৰাজপালে। অৱশেষত ২০০০ চনত তেওঁ ‘জঙ্গল’ ছবিৰে বলীউডত প্ৰৱেশ কৰে। অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ ১৩বছৰ সময় লাগিল ৰাজপালৰ। প্ৰথম ছবি মুক্তিৰ পাছত ২০০১ চনত এখন ছবিৰ শ্বুটিঙত গৈ চিনাকি হয় অভিনেত্ৰী ৰাধাৰ সৈতে। দুই পৰিয়ালৰ সন্মতিত ২০০৩ চনত পুনৰ বিবাহপাশত আৱদ্ধ হয় অভিনেতা ৰাজপাল যাদৱ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ