• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান

বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান

5 years ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

16 minutes ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

44 minutes ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

1 hour ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

10 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

11 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

11 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

12 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

13 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

14 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

15 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

15 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান

ৰায়দান লক্ষ্ণৌৰ CBIৰ বিশেষ আদালতৰ, মুঠ ৩২ জনক অভিযোগমুক্ত

editor by editor
September 30, 2020
in ভাৰত, ৰাজনীতি
0
বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ ৰায়দান
0
SHARES
245
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ৩০ ছেপ্টেম্বৰ বুধবাৰে বাবৰি মছজিদ ধ্বংসৰ গোচৰৰ এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰে চি বি আইৰ বিশেষ আদালতৰ বিশেষ বিচাৰপতি সুৰেন্দ্ৰ কুমাৰ যাদৱে। এই গোচৰত অভিযোগমুক্ত কৰা হয় ৩২ জনকৈ অভিযুক্তক। ইয়াৰ ভিতৰত- বিজেপিৰ একালৰ উপ-প্ৰধানমন্ত্ৰী এল কে আদৱানী, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, বিজেপি নেতা-নেত্ৰী মুৰুলী মনোহৰ যোশী, উমা ভাৰতী, বিনয় কাটিয়াৰ, সাক্ষী মহাৰাজ আদি। গোচৰটোৰ ৰায়দানত কোৱা হয় যে ১৯৯২ চনৰ ৬ ডিচেম্বৰৰ বাবৰি মছজিদ ধ্বংসকাৰ্য পৰিকল্পিত নাছিল। এই কাৰ্যত জড়িত আছিল সমাজ বিৰোধী চক্ৰ, যিসকলে উত্তেজিত হৈ মছজিদটো ধ্বংস কৰিছিল। ৰায়টোত এল কে আদৱানীকে ধৰি একাংশ হিন্দুত্ববাদী নেতাৰ প্ৰসংগত কোৱা হয় যে মাথোঁ উচটনিমূলক ভাষণ দোষী সাব্যস্ত কৰিবলৈ যথেষ্ট নহয়।

এই ৰায়দানক লৈ অভিযোগমুক্তসকলৰ উপৰি আনন্দৰ বন্যা বয় হিন্দুত্ববাদী শিবিৰত। ইয়াৰ বিপৰীতে এই ৰায়ক লৈ অসন্তুষ্ট বিৰোধী শিবিৰ তথা ইছলামিক দল-সংগঠন।

ইয়াৰ পূৰ্বে ৩ দশকজোৰা বিতৰ্কৰ অৱসান ঘটাই ২০১৯ৰ ৯ নৱেম্বৰত ৰাম জনমভূমি বাবৰি মছজিদ গোচৰৰ চূড়ান্ত ৰায়দান কৰিছিল দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ এক বিচাৰপীঠে। সেই মৰ্মে বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণ আৰু অযোধ্যাতে আন এক স্থানত মছজিদ নিৰ্মাণৰ ৰায়দান কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। তাৰ পাছত ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

এতিয়া আহো বাবৰি মছজিদ ধ্বংসৰ সময়ছোৱালৈ। সেইদিনা ১৯৯২ চনৰ ৬ ডিচেম্বৰ। সমগ্ৰ দেশৰ প্ৰায় ডেৰ লাখ কৰ সেৱক উপস্থিত হৈছিল অযোধ্যাত। লালকৃষ্ণ আদৱানীৰ নেতৃত্বত আৰম্ভ হৈছিল বিশাল ৰথযাত্ৰা। লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী আদিৰ উদাত্ত ভাষণ। যিকোনো বিনিময়ত অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবই। তাৰ পাছতেই একাংশ কৰ সেৱক উত্তেজিত হৈ উঠে আৰু জঁপিয়াই পৰে ১৬ শতিকাত মোগলৰ দ্বাৰা নিৰ্মিত মছজিদটোৰ ওপৰত। কৰ সেৱকৰ হাতত নিমিষতে ধ্বংসস্তূপত পৰিণত হয় বাবৰি মছজিদ। অসহায় হৈ চাই থাকিবলগীয়া হয় আৰক্ষী-নিৰাপত্তা বাহিনীয়ে। এই ঘটনাক কেন্দ্ৰ কৰি ৰথযাত্ৰাত অংশগ্ৰহণ কৰা বিশ্ব হিন্দু পৰিষদ আৰু বিজেপিৰ একাংশ নেতাক নিক্ষেপ কৰা হয় কাৰাগাৰলৈ। এই ঘটনাৰ ফলত হিন্দু-মুছলমানৰ মাজত সূত্ৰপাত হোৱা সংঘৰ্ষত অতিকমেও ৩ হাজাৰ লোক প্ৰাণহানি হয়।

১৯৯২ চনতে ঘটনা সন্দৰ্ভত দুটাকৈ গোচৰ ৰুজু হয়। পাছত গোচৰৰ সংখ্যা ৪৯টালৈ বৃদ্ধি হয়। এনেদৰেই ২৮ বছৰে চলি থকা আইনী যুঁজৰ অৱসান ঘটাই আজি ৩০ ছেপ্টেম্বৰত চি বি আইৰ বিশেষ আদালতে প্ৰদান কৰে এক গুৰুত্বপূৰ্ণ ৰায় য’ত ৩২ জনকৈ অভিযুক্তক অভিযোগমুক্ত কৰা হয়।

উল্লেখ্য যে, অযোধ্যা অঞ্চল মোগলে দখলৰ কৰাৰ আনন্দত ১৫২৮ খ্ৰীষ্টাব্দত মোগল সেনাপতি মীৰ বাকিয়ে অযোধ্যাত এটা মছজিদ নিৰ্মাণ কৰে। আৰু নামকৰণ কৰে মোগল চুলতান বাবৰৰ নামত। হিন্দুসকলৰ বিশ্বাস যে এটা মন্দিৰ ধ্বংস কৰি সেই স্থানত মোগল সেনাপতি বাকিয়ে মছজিদটো নিৰ্মাণ কৰিছিল। অৱশ্যে পুৰাতত্ত্ব বিভাগৰ গৱেষণাতো এটা কথা উদ্ধাৰ হয় যে সেই স্থানত পূৰ্বে মন্দিৰসদৃশ এক আন্তঃগাঁথনি আছিল। এই দাবী ১৮২২ চনত প্ৰথমবাৰলৈ ফাইজাবাদ আদালতৰ এগৰাকী বিষয়াই উত্থাপন কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24babri masjid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?
জীৱনশৈলী

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

March 28, 2026
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?
জীৱনশৈলী

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

March 28, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
Next Post
UNLOCK 5.0ৰ নীতি-নির্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

UNLOCK 5.0ৰ নীতি-নির্দেশনা জাৰি কেন্দ্ৰীয় চৰকাৰৰ

ভয়ানক! পর্যটকক আলিংগন প্ৰকাণ্ড সিহংৰ

ভয়ানক! পর্যটকক আলিংগন প্ৰকাণ্ড সিহংৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.