অসম লাইভ ২৪ঃ দিল্লী বিধানসভাৰ মজিয়াত কৃষি আইনৰ প্ৰতিলিপি ফালি পেলালে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কৃষকৰ প্ৰতিবাদ সর্ন্ভত আলোচনাৰ বাবে আজি দিল্লী বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল। এই অধিৱেশনত তিনিওখন কৃষি আইনৰ প্ৰতিলিপি ফালি মুখ্যমন্ত্ৰী কেজৰিৱালে নিজৰ স্থিতি প্ৰকাশ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰক টিপ্পনী কৰি কয় ‘আপোনালোক ব্ৰিটিছতকৈয়ো নিকৃষ্ট নহ’ব। ক’ৰোনা মহামাৰী চলি থকাৰ সময়ত এই আইন গৃহীত কৰিবলৈ আপোনালোকৰ ইমান দৌৰাদৌৰি কিয়?’ ইয়াৰ পূর্বে আম আদমী পার্টীৰ বিধায়কসকলেও কৃষি আইনৰ প্ৰতিলিপি ফালি বিৰোধিতা প্ৰদর্শন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ