অসম লাইভ২৪ঃ বিবাহৰ প্ৰতি আস্থা হেৰুৱাইছে চীনৰ নৱপ্ৰজন্মই! শেহতীয়াকৈ নেশ্ব্যনেল ব্যুৰ অৱ ষ্টেটিছটিক্সৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। সমীক্ষাত উল্লেখ থকামতে ২০১৩ৰ পৰা ২০১৯ চনৰ মাজত বিবাহপাশত আৱদ্ধ হোৱা লোকৰ সংখ্যা ৪১শতাংশ কমিছে। কিন্তু সংসাৰ পতাত কিয় অনীহা আহিছে চীনৰ নৱপ্ৰজন্মৰ। ৰিপোৰ্টত প্ৰকাশ পোৱামতে দাম্পত্য জীৱনত প্ৰৱেশ কৰিলেই বিমুখ হোৱাৰ লগতে গাৰ্হস্থ্য হিংসাও বৃদ্ধি পায়। ইয়াৰোপৰি জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস কৰা, লিংগ বৈষম্যতাৰ দৰে কেইবাটাও কাৰণ ইয়াৰ সৈতে জড়িত হৈ আছে।
প্ৰশাসনৰ সূত্ৰৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি বিগত ১০ বছৰত বিয়াৰ হাৰ কমিছে চীনত। বিগত বৰ্ষত ৰেকৰ্ড সংখ্যক বিবাহ কমিছে চীনত। উল্লেখ কৰা প্ৰয়োজন যে বিগত কিছুদিন পূৰ্বে চীনৰ সামাজিক মাধ্যমত ভাইৰেল হৈছিল এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছিল যে এগৰাকী মহিলাৰ গাৰ ওপৰেৰে বাহন চলাইছে এজন ব্যক্তিয়ে। এবাৰ দুবাৰ নহয় কেইবাবাৰো গাড়ী চলাই দিছে ব্যক্তিজনে। তাৰপিছতেই মানুহজনে বাহনখন ৰখাই চাইছে, মহিলাগৰাকীৰ মৃত্যু হ’ল নেকি! বৈবাহিক জীৱনত অশান্তি হোৱাৰ বাবেই এই কাৰ্য কৰিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে ব্যক্তিজনে।
ঘটনাক লৈ তদন্তও আৰম্ভ কৰিছে চীনৰ আৰক্ষীয়ে। ট্ৰেণ্ডিং এই ভিডিঅ’ দেখি বহুতেই প্ৰকাশ কৰিছে বিবাহৰ পাছত মহিলা এগৰাকীৰ বহু অসহায়তাৰ কথা। গাৰ্হস্ত্য হিংসাৰ বলি হৈ মৃত্যুক সাবটি লোৱাতকৈ বিবাহ নোহোৱাকৈ থকাটোৱেই মংগলজনক। এগৰাকী মহিলাই এই সন্দৰ্ভত লিখিছে, ‘স্বামীৰ মাৰধৰৰ ফলত কেইবাসপ্তাহ ধৰি মই হাস্পতালত আছিলো। বিয়াৰ প্ৰথম ২৪ মাহৰ মাজত ১৬বাৰ স্বামীৰ হাতত নিৰ্যাতিত হৈছো। মাৰধৰ খাইছো। বিবাহবিচ্ছেদৰ চেষ্টা কৰিলেও মাৰধৰ কৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ