অসম লাইভ২৪ঃ বকোত বাতিল হ’ল এখন বিবাহ৷ কিন্তু কিয় জানেনে? পঞ্জীয়কৰ অনুপস্থিতিৰ বাবে বাতিল হ’ল বিবাহখন৷ কইনা অবিহনেই উভতিল বৰপেটাৰ দৰা৷ বকো টেপেচীয়াৰ কইনা ঘৰত নিশাই লাগিল হাহাকাৰ৷ আৰ্থিক দীনতাৰ বাবে কইনাঘৰীয়াই বকোৰ উপ-পঞ্জীয়ক আৰু বিবাহ বিষয়াৰ কাৰ্যালয়তে আয়োজন কৰিছিল বিয়াখন৷ দৰাঘৰক আপ্যায়নৰ বাবে কইনাঘৰীয়াই আয়োজন কৰিছিল অভ্যৰ্থনাৰো৷ কিন্তু ভৱামতে নহ’লগৈ৷ বিয়াখনত উপস্থিত নাথাকিল পঞ্জীয়ক অমিত হাড়ী৷ চৰকাৰী বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবে অথন্তৰ লাগিল বিবাহ অনুষ্ঠানত৷ ৩ মাহ পূৰ্বে অনলাইনযোগে নিশ্চিত কৰিছিল বিবাহৰ দিন৷
প্ৰাপ্ত খৱৰ অনুসৰি প্ৰায় শনিবাৰে নিশা ১১ বজাত বকোস্থিত উপ-পঞ্জীয়ক ও বিবাহ বিষয়াৰ কাৰ্যালয়ত এখন শুভ-বিবাহৰ বাবে উপস্থিত হৈছিল বৰপেটাৰ দৰা সহিতে আত্মীয়। ইফালে সময় মতে উপস্থিত হৈছিল কইনাপক্ষ। দুয়োটা পৰিয়ালৰ সন্মতিত সম্পন্ন হোৱাৰ কথা আছিল বিবাহখন। পূৰ্বে দিন-বাৰ ঠিক কৰি প্ৰায় তিনিমাহ আগত অনলাইন যোগে বিবাহৰ বাবে আবেদন কৰা হৈছিল। কিন্তু আনন্দ-উল্লাসৰ মাজতে হঠাৎ দুয়োপক্ষলৈ বেয়া খৱৰ। সম্পন্ন নহয় বিবাহ। বকোস্থিত উপ-পঞ্জীয়ক আৰু বিবাহ কাৰ্যালয়ৰ পঞ্জীয়ক অমিত হাড়ীৰ অনুপস্থিতিৰ বাবে সম্পন্ন নহ’ল বিবাহ কাৰ্য। বকো টেপছিয়াৰ কইনা ঘৰৰ আৰ্থিক দৈন্যতাৰ বাবে অনুস্থুপীয়াকৈ পঞ্জীয়কৰ কাৰ্যালয়ত আয়োজন কৰা হৈছিল বিবাহখন। অৱশেষত বকোৰ কইনা নিনিয়াকৈয়েই উভটিল বৰপেটাৰ দৰা। ইফালে কইনা ঘৰত দৰাপক্ষক আপ্যায়নৰ বাবে আয়োজন কৰা হৈছিল যদিও সকলোতে লাগিল অথন্তৰ। চৰকাৰী বিষয়াৰ কাণ্ডজ্ঞানহীন ঘটনাৰ বাবে সম্পন্ন নহ’ল এই বিবাহখন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















