অসম লাইভ২৪ঃ
বিগত মাহত বিবাহপাশত আৱদ্ধ হৈছে আশীষ বিদ্যাৰ্থী। অসমৰ ফেশ্বন ডিজাইনাৰ ৰূপালী বৰুৱাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে অভিনেতাজন। তেওঁলোকৰ বিবাহৰ পাছতেই বহুতেই সমালোচনা কৰিছিল। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি আৰম্ভ কৰিছে তেওঁলোকৰ সুখৰ সংসাৰ। পত্নীৰ সৈতে শেহতীয়াভাৱে ছুটি কটাবৰ বাবে বিদেশলৈ যাত্ৰা কৰিছে আশীষ। আশীষ-ৰূপালীৰ বিশেষ কেইখনমান ছবি পোহৰলৈ আহিছে। বহুতেই ছবিকেইখন দেখা মাত্ৰকেই কৈছে, দুয়োৱে হানিমুনৰ বাবেই বিদেশলৈ গৈছে।
আশীষ বিদ্যৰ্থীয়ে নিজৰ ইনষ্ট্ৰাগ্ৰাম হেণ্ডেলত সেই বিশেষ ফটো শ্বেয়াৰ কৰি লিখিছে, ‘আমালৈ ভালপোৱা আৰু শুভেচ্ছা পঠিওৱাৰ বাবে প্ৰিয় বন্ধু তোমাক অশেষ ধন্যবাদ।’
ফটোখন ভাইৰেল হৈ পৰাৰ পাছতেই একাংশ অনুৰাগীয়ে কমেণ্টত নৱদম্পত্তিক শুভেচ্ছা জনাইছে। অনুৰাগীয়ে লিখিছে, ‘আপোনালোকৰ নতুন যাত্ৰা শুভ হওক।, আপোনালোকক একেলগে দেখি ভাল লাগিছে’ ইত্যাদি। ছবিখন ক’ত তোলা সেই সম্পৰ্কে স্পষ্টভাৱে আশীষ ৰূপালীয়ে প্ৰকাশ কৰা নাই যদিও বহুতেই ছবিখন ছিংগাপুৰৰ বুলি দাবী কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ