অসম লাইভ২৪ঃ‘মই পাগল, মই বলীয়া, মই একোতে আধা নহয়, মই ফুল পাগল।’ এই মন্তব্য বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ। তাজমহল ভাঙিব লাগে বুলি মন্তব্য কৰাৰ পাছতেই বহুতেই ৰূপজ্যোতি কূৰ্মীক পাগল আখ্যা দিছিল। সামাজিক মাধ্যম ইউজাৰকাৰীৰ লগত বিৰোধী বিধায়কে দিয়া উপাধিক লৈয়েই প্ৰতিক্ৰিয়াত ৰূপজোতিয়ে কয়, ‘হয় মই পাগলেই’। ইয়াৰোপৰি মন্তব্যত ৰূপজ্যোতিয়ে কয় যে, ডকাইতি কৰি চাহজাহানে নিৰ্মাণ কৰিছিল তাজমহল।
উল্লেখ্য যে তাজমহল ভঙা সন্দৰ্ভত বিধায়ক ৰূপজ্যোতিয়ে কৈছিল যে, তাজমহলটো কবৰৰ ওপৰত আছে যদি সেইটো খান্দি হ’লেও মন্দিৰ নিৰ্মাণ কৰিব লাগে। আৰু মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ এবছৰৰ বিধায়কৰ দৰমহাও দান কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















