অসম লাইভ ২৪ঃ ১ অক্টোবৰত আন্তৰ্জাতিক কফি দিৱস হিচাপে পালন কৰা হয়। কফি দিৱসৰ দিনাই কফি সম্পৰ্কত ১০ টা তথ্য। পৃথিৱীৰ আটাইতকৈ বয়সীয়া ৩৮ বছৰীয়া ‘ক্ৰীম পাফ’ নামৰ মেকুৰীটোৱে প্ৰতিদিনে পুৱা পান কৰে কফি। পৃথিৱীৰ সকলোতকৈ অধিক কফি উৎপাদিত হয় ব্ৰাজিলত। কিন্তু ফিনলেণ্ডবাসীয়ে সকলোতকৈ বেছি কফি পান কৰে। গ্ৰাউন কফি দি সফলভাৱে বায়’ ডিজেল তৈয়াৰ কৰিছে বিজ্ঞানীসকলে। অতি শীঘ্ৰেই হয়তো আপুনি গাড়ীত তেলৰ সলনি কফি ভৰাই চলাব পাৰিব। ১৯৩২ চনত অলিম্পিক ক্ৰীড়াবিদে ধনৰ অভাৱৰ বাবে কফি বিক্ৰী কৰি অলিম্পিকত যোৱাৰ অৰ্থ উপাৰ্জন কৰিছিল। প্ৰতিদিনে সমগ্ৰ বিশ্ববাসীয়ে গড়ে ২২৫ কোটি কাপ কফি পান কৰে। পুৱা ৯.৩০ বজাৰ পৰা ১১.৩০ ভিতৰত কফি পান কৰাটো সকলোতকৈ কাৰ্যকৰী। গৱেষণাত প্ৰকাশ –কফি খালে বিষণ্ণতা আৰু হতাশা দূৰ হয়। ‘কফি লুয়াক’ বিশ্বৰ সকলোতকৈ দামী কফি। একাপ কফি লুয়াকৰ দাম ৩২ৰ পৰা ১০০ ডলাৰ। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ ছিভেট নামৰ প্ৰাণীৰ মলৰ পৰা কফি লুয়াক তৈয়াৰ কৰা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ