অসম লাইভ২৪ঃ জামুগুৰিহাটৰ বটিয়াৰোকা নচিংটাপুৰ হাবিত এজন অৰণ্য মানৱ৷ গছৰ ওপৰতে চাংঘৰ সাজি ৩৫ বছৰে বাস কৰিছে কৈলাশ ভূঞাঁ নামৰ ব্যক্তিজনে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বটিয়াৰোকা নচিংটাপুৰ ঘন অৰণ্যত কিয় মানুহৰ পৰা আঁতৰি জীৱজন্তুৰ সৈতে বাস কৰিছে কৈলাশ ভূঞাই? বিষয়টো সকলোৰেই দৃষ্টিগোচৰ হোৱাত সংবাদমাধ্যমৰ আগত মুখ খুলিছে কৈলাশ ভূঞাই।
বিগত ৩৫ বছৰৰো অধিক কাল ধৰি গছৰ ওপৰৰ চাংঘৰত বসবাস কৰি আহিছে কৈলাশ ভূঞাই। নিজ পৰিয়াল তথা মানৱ সমাজৰ পৰা নিলগত থকা এইগৰাকী ব্যক্তিয়ে সূদীৰ্ঘ ৩৫ বছৰো অধিক কাল ধৰি জীৱ জন্তু চৰাই চিৰিকটিৰেই সহবস্থান কৰি অহা পৰিলক্ষিত হৈছে ৷ জীৱজন্তুৰ সৈতে কথা পাতিব জনা এই এইগৰাকী কৈলাশ ভূঞাঁই পশু পক্ষীৰ সুৰক্ষাৰ স্বাৰ্থত নিজ এলেকাৰ হাবিত কোনো লোককেই সোমাবলৈ নিদিয়ে৷
গছৰ ওপৰতেই থকা-ৰান্ধি খোৱাৰ লগতে নিশা শুব পৰা সকলো সুবিধা কৰি লোৱা কৈলাশ ভূঞাই। মানৱ জাতিৰ অমানবীয় কাৰ্য সহ্য কৰিব নোৱাৰিয়েই এইদৰে জংঘলত বাস কৰিবলৈ লোৱা বুলিও জানবলৈ দিয়ে অৰণ্যমানৱ কৈলাশ ভূঞাই৷ সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ গীত শুনি ভালপোৱা অৰণ্যমানৱ কৈলাশ ভূঞাৰ জীৱন প্ৰণালীয়ে সকলোৱে আচৰিত কৰি তোলাও পৰিলক্ষিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ