• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

3 years ago
হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

45 minutes ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

2 hours ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

3 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

4 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

4 hours ago
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

6 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

7 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

7 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

8 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

8 hours ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

1 day ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

editor by editor
June 1, 2023
in জীৱনশৈলী, ভাৰত
0
মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হৃদয়খনহে প্ৰধান, মুখমণ্ডলৰ সৌন্দৰ্য খন্তেকীয়া। এই কথাৰ অনন্য প্ৰমাণ লক্ষ্মী আগৰৱালা। লক্ষ্মী আগৰৱালা দিল্লীৰ বাসিন্দা। মধ্যবিত্ত পৰিয়ালৰ সন্তান লক্ষ্মীয়ে ১৫ বছৰ বয়সতেই সন্মুখীন হৈছিল এছিড আক্ৰমণৰ। এই নাৰকীয় কাণ্ড তেওঁৰ সৈতে ঘটিব সেই কথা ভাৱিব পৰাকৈ মানসিকভাৱে পৰিপক্কও নাছিল লক্ষ্মী। কেইবাগৰাকীও দুৰ্বৃত্তই এছিডেৰে আক্ৰমণ কৰিছিল লক্ষ্মীক।

এই আক্ৰমণৰ পাছতেই এক কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা। কিন্তু হাৰ নামানিলে লক্ষ্মীয়ে। লক্ষ্মী জিকিল। আগুৱাই যোৱাৰ সিদ্ধান্তই লক্ষ্মীক দেশৰ ভিতৰতেই পৰিচিত কৰি তুলিলে। তেওঁৰ আগুৱাই যোৱাৰ সিদ্ধান্তই হাজাৰ গৰাকী মহিলাৰ অনুপ্ৰেৰণা হৈ পৰিল। ২০০৫ চনত লক্ষ্মীৰ ওপৰত এছিড আক্ৰমণ হৈছিল। তেতিয়া লক্ষ্মী আছিল সপ্তম শ্ৰেণীৰ ছাত্ৰী। ১৫ বছৰীয়া লক্ষ্মীক তেতিয়া ৩২ বছৰীয়া নাঈম খান ওৰফে গুড্ডাই বিবাহৰ প্ৰস্তাৱ দিছিল। কিন্তু লক্ষ্মীয়ে সেই ব্যক্তিৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰে। সেইযে লক্ষ্মীয়ে প্ৰস্তাৱক প্ৰত্যাখান কৰিলে সেইয়াই লক্ষ্মীৰ জীৱনলৈ কঢ়িয়াই আনিলে অমানিশা।

২২ ফেব্ৰুৱাৰী ২০০৫। লক্ষ্মীয়ে সেইদিনা দিল্লীৰ খান মাৰ্কেটৰ পৰা দিনৰ ১১ বজাত ঘৰলৈ বুলি উভতি আহিছিল। তেতিয়াই সেই আক্ৰমণৰ বলি হয় লক্ষ্মী। কেনেকৈ আক্ৰমণ কৰিছিল সেইদিনা লক্ষ্মীক?

লক্ষ্মীয়ে ঘৰলৈ উভতাৰ বাটত হঠাতেই তেওঁক কোনো এজনে পিছফালৰ পৰা এটা ধাক্কা মাৰে। সেই ধাক্কাতেই লক্ষ্মী ৰাস্তাত বাগৰি পৰে। আৰু বাগৰি পৰাৰ লগে লগেই লক্ষ্মীৰ মুখত এবটল এছিড ঢালি দিয়ে গুড্ডাই। কেৱল মুখমণ্ডলতেই নহয় শৰীৰৰ বহু ঠাইত এছিড ছটিয়াই দিয়ে। লক্ষ্মীয়ে এই আক্ৰমণৰ কথা কওঁতে কৈছিল, ‘যেতিয়া মই বাগৰি পৰিছিলো, তেতিয়া হঠাতেই মোৰ মুখত পনীয়া কিবা এটা পৰিছিল। মই চকু দুই হাতেৰে ঢাকি ধৰিছিলো। কিন্তু প্ৰথমে পানীয় পৰোতে মই এছিড বুলি ভৱাই নাছিলো। ঠাণ্ডা ঠাণ্ডা লাগিছিল। কিন্তু কেই ছেকেণ্ডমান পাছত মই শৰীৰত তীব্ৰ জ্বলা পোৰা অনুভৱ কৰো। সেই জ্বলন বাঢ়ি গ’ল। কেই মিনিটমান পাছৰে পৰা মোৰ মুখমণ্ডলৰ মাংস এৰাই যাবলৈ ধৰিলে। মোক কোনোৱে হাস্পতাললৈ লৈ গ’ল। এইযে হাস্পতাললৈ লৈ গ’ল, ৰাম মনোহৰ লোহিয়া হাস্পতালত মই ২ মাহৰো অধিক মই চিকিৎসাধীন হৈ থাকিলো।’

লক্ষ্মী আগৰৱালা এছিড আক্ৰমণৰ বলি হোৱাৰ পাছত হাস্পতালত যেতিয়া চিকিৎসাধীন হৈ আছিল তেতিয়া চিকিৎসকে তেওঁৰ মুখমণ্ডলৰ মাংসসমূহ জোৰা লগোৱাৰ কাম পোনতে কৰিছিল। কিন্তু মাংস জোৰা লগাইয়ো মুখমণ্ডলত মাংস প্ৰায় এৰাই গৈছিল। চিকিৎসকেও লক্ষ্মীৰ মুখমণ্ডলৰ অৱস্থা দেখি পোনতে তেওঁ সুস্থ হৈ উঠাৰ আশা প্ৰায় এৰিয়েই পেলাইছিল। কিন্তু চিকিৎসকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত লক্ষ্মী সুস্থ হৈ উঠিল। দুমাহৰ অন্তত লক্ষ্মী ঘৰলৈ উভতিল। কিন্তু সুস্থ হৈ উঠিলেও বহুদিনলৈ লক্ষ্মীয়ে আইনা চোৱা নাছিল।

কিন্তু কিমান দিন। এদিন নিজেই আগ্ৰহ প্ৰকাশ কৰি লক্ষ্মীয়ে আইনাত নিজকে চালে। আইনাত নিজক দেখি খুবেই হতাশ হৈ পৰিল লক্ষ্মী। নিজৰ মুখমণ্ডল আইনাত দেখি লক্ষ্মীৰ মনত আত্মহত্যাৰ প্ৰৱণতাও আহিছিল। কিন্তু পিতৃ-মাতৃৰ কথা ভাৱি পিছহুহকি আহিছিল বুলি এক সাক্ষাৎকাৰত লক্ষ্মীয়ে প্ৰকাশ কৰিছিল। কুৎসিত হৈ পৰা মুখমণ্ডলক লৈ জীৱনত ন’কৈ আৰম্ভ কৰাও বৰ সহজ নাছিল লক্ষ্মীৰ। লক্ষ্মীয়ে এই সন্দৰ্ভত কয়, ‘মই কুৎসিত হৈ পৰা মুখমণ্ডল লৈ যেতিয়া বাহিৰলৈ ওলাইছিলো তেতিয়াই মানুহে মোক দেখি মুখ ঘূৰাই দিছিল। বহুতেই ভয়ো খাইছিল মোক দেখি। এবাৰ নহয় মই বহুবাৰ মুখমণ্ডলক লৈ অপমানিত হৈছো। কিন্তু এতিয়া মই মোক অপমান কৰা লোকসকলক ধন্যবাদ জনাব বিচাৰো। কিয়নো সেই অপমানেই মোৰ মনত জেদ ভাৱৰ জন্ম দিছিল। তেতিয়াই মই ভাৱি লৈছিলো, কিবা এটা কৰিব লাগিব। মোক অপমান কৰা লোকসকলক মই কিবা এটা কৰি দেখুৱাব লাগিব।’

লক্ষ্মীয়ে সিদ্ধান্ত লৈ পেলাই যে তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ কাৰণে কিবা এটা কৰিব। সেই প্ৰচেষ্টাৰেই লক্ষ্মীয়ে জন্ম দিচলে এটা স্বেচ্ছাসেৱী সংস্থাৰ। লক্ষ্মীয়ে আৰম্ভ কৰিলে ‘ছাওঁ ফাউণ্ডেছন’ নামৰ এটা সংস্থাৰ। সেই সংস্থাৰ অধীনত লক্ষ্মীয়ে দেশ বিদেশৰ এছিড আক্ৰান্তৰ হৈ কাম কৰা পণ লয়। ২০১৪ চনত লক্ষ্মীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আন্তৰ্জাতিক সাহসী মহিলাৰ সন্মানো লাভ কৰে। লক্ষ্মীৰ জীৱনেই এক প্ৰেৰণা। লক্ষ্মী আগৰৱালাৰ জীৱনত ঘটা এই ঘটনাসমূহৰ পৰা আমি প্ৰত্যেকেই শিক্ষা লোৱা উচিত যে, সৎ সাহসেৰে আগবাঢ়িলে জীৱনত কাহানিও পিছপৰি ৰোৱাৰ প্ৰয়োজনীয়তাই নাথাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?
জীৱনশৈলী

হেকাৰৰ কবলৰ পৰা ফোন কেনেকৈ সুৰক্ষিত ৰাখিব? ছেটিংচত কি কি সালসলনি কৰা জৰুৰী?

January 30, 2026
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
Next Post
যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.