• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

3 years ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

14 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

14 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

15 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

16 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

16 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

17 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

17 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

18 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

18 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

19 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

20 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

editor by editor
June 1, 2023
in জীৱনশৈলী, ভাৰত
0
মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হৃদয়খনহে প্ৰধান, মুখমণ্ডলৰ সৌন্দৰ্য খন্তেকীয়া। এই কথাৰ অনন্য প্ৰমাণ লক্ষ্মী আগৰৱালা। লক্ষ্মী আগৰৱালা দিল্লীৰ বাসিন্দা। মধ্যবিত্ত পৰিয়ালৰ সন্তান লক্ষ্মীয়ে ১৫ বছৰ বয়সতেই সন্মুখীন হৈছিল এছিড আক্ৰমণৰ। এই নাৰকীয় কাণ্ড তেওঁৰ সৈতে ঘটিব সেই কথা ভাৱিব পৰাকৈ মানসিকভাৱে পৰিপক্কও নাছিল লক্ষ্মী। কেইবাগৰাকীও দুৰ্বৃত্তই এছিডেৰে আক্ৰমণ কৰিছিল লক্ষ্মীক।

এই আক্ৰমণৰ পাছতেই এক কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা। কিন্তু হাৰ নামানিলে লক্ষ্মীয়ে। লক্ষ্মী জিকিল। আগুৱাই যোৱাৰ সিদ্ধান্তই লক্ষ্মীক দেশৰ ভিতৰতেই পৰিচিত কৰি তুলিলে। তেওঁৰ আগুৱাই যোৱাৰ সিদ্ধান্তই হাজাৰ গৰাকী মহিলাৰ অনুপ্ৰেৰণা হৈ পৰিল। ২০০৫ চনত লক্ষ্মীৰ ওপৰত এছিড আক্ৰমণ হৈছিল। তেতিয়া লক্ষ্মী আছিল সপ্তম শ্ৰেণীৰ ছাত্ৰী। ১৫ বছৰীয়া লক্ষ্মীক তেতিয়া ৩২ বছৰীয়া নাঈম খান ওৰফে গুড্ডাই বিবাহৰ প্ৰস্তাৱ দিছিল। কিন্তু লক্ষ্মীয়ে সেই ব্যক্তিৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰে। সেইযে লক্ষ্মীয়ে প্ৰস্তাৱক প্ৰত্যাখান কৰিলে সেইয়াই লক্ষ্মীৰ জীৱনলৈ কঢ়িয়াই আনিলে অমানিশা।

২২ ফেব্ৰুৱাৰী ২০০৫। লক্ষ্মীয়ে সেইদিনা দিল্লীৰ খান মাৰ্কেটৰ পৰা দিনৰ ১১ বজাত ঘৰলৈ বুলি উভতি আহিছিল। তেতিয়াই সেই আক্ৰমণৰ বলি হয় লক্ষ্মী। কেনেকৈ আক্ৰমণ কৰিছিল সেইদিনা লক্ষ্মীক?

লক্ষ্মীয়ে ঘৰলৈ উভতাৰ বাটত হঠাতেই তেওঁক কোনো এজনে পিছফালৰ পৰা এটা ধাক্কা মাৰে। সেই ধাক্কাতেই লক্ষ্মী ৰাস্তাত বাগৰি পৰে। আৰু বাগৰি পৰাৰ লগে লগেই লক্ষ্মীৰ মুখত এবটল এছিড ঢালি দিয়ে গুড্ডাই। কেৱল মুখমণ্ডলতেই নহয় শৰীৰৰ বহু ঠাইত এছিড ছটিয়াই দিয়ে। লক্ষ্মীয়ে এই আক্ৰমণৰ কথা কওঁতে কৈছিল, ‘যেতিয়া মই বাগৰি পৰিছিলো, তেতিয়া হঠাতেই মোৰ মুখত পনীয়া কিবা এটা পৰিছিল। মই চকু দুই হাতেৰে ঢাকি ধৰিছিলো। কিন্তু প্ৰথমে পানীয় পৰোতে মই এছিড বুলি ভৱাই নাছিলো। ঠাণ্ডা ঠাণ্ডা লাগিছিল। কিন্তু কেই ছেকেণ্ডমান পাছত মই শৰীৰত তীব্ৰ জ্বলা পোৰা অনুভৱ কৰো। সেই জ্বলন বাঢ়ি গ’ল। কেই মিনিটমান পাছৰে পৰা মোৰ মুখমণ্ডলৰ মাংস এৰাই যাবলৈ ধৰিলে। মোক কোনোৱে হাস্পতাললৈ লৈ গ’ল। এইযে হাস্পতাললৈ লৈ গ’ল, ৰাম মনোহৰ লোহিয়া হাস্পতালত মই ২ মাহৰো অধিক মই চিকিৎসাধীন হৈ থাকিলো।’

লক্ষ্মী আগৰৱালা এছিড আক্ৰমণৰ বলি হোৱাৰ পাছত হাস্পতালত যেতিয়া চিকিৎসাধীন হৈ আছিল তেতিয়া চিকিৎসকে তেওঁৰ মুখমণ্ডলৰ মাংসসমূহ জোৰা লগোৱাৰ কাম পোনতে কৰিছিল। কিন্তু মাংস জোৰা লগাইয়ো মুখমণ্ডলত মাংস প্ৰায় এৰাই গৈছিল। চিকিৎসকেও লক্ষ্মীৰ মুখমণ্ডলৰ অৱস্থা দেখি পোনতে তেওঁ সুস্থ হৈ উঠাৰ আশা প্ৰায় এৰিয়েই পেলাইছিল। কিন্তু চিকিৎসকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত লক্ষ্মী সুস্থ হৈ উঠিল। দুমাহৰ অন্তত লক্ষ্মী ঘৰলৈ উভতিল। কিন্তু সুস্থ হৈ উঠিলেও বহুদিনলৈ লক্ষ্মীয়ে আইনা চোৱা নাছিল।

কিন্তু কিমান দিন। এদিন নিজেই আগ্ৰহ প্ৰকাশ কৰি লক্ষ্মীয়ে আইনাত নিজকে চালে। আইনাত নিজক দেখি খুবেই হতাশ হৈ পৰিল লক্ষ্মী। নিজৰ মুখমণ্ডল আইনাত দেখি লক্ষ্মীৰ মনত আত্মহত্যাৰ প্ৰৱণতাও আহিছিল। কিন্তু পিতৃ-মাতৃৰ কথা ভাৱি পিছহুহকি আহিছিল বুলি এক সাক্ষাৎকাৰত লক্ষ্মীয়ে প্ৰকাশ কৰিছিল। কুৎসিত হৈ পৰা মুখমণ্ডলক লৈ জীৱনত ন’কৈ আৰম্ভ কৰাও বৰ সহজ নাছিল লক্ষ্মীৰ। লক্ষ্মীয়ে এই সন্দৰ্ভত কয়, ‘মই কুৎসিত হৈ পৰা মুখমণ্ডল লৈ যেতিয়া বাহিৰলৈ ওলাইছিলো তেতিয়াই মানুহে মোক দেখি মুখ ঘূৰাই দিছিল। বহুতেই ভয়ো খাইছিল মোক দেখি। এবাৰ নহয় মই বহুবাৰ মুখমণ্ডলক লৈ অপমানিত হৈছো। কিন্তু এতিয়া মই মোক অপমান কৰা লোকসকলক ধন্যবাদ জনাব বিচাৰো। কিয়নো সেই অপমানেই মোৰ মনত জেদ ভাৱৰ জন্ম দিছিল। তেতিয়াই মই ভাৱি লৈছিলো, কিবা এটা কৰিব লাগিব। মোক অপমান কৰা লোকসকলক মই কিবা এটা কৰি দেখুৱাব লাগিব।’

লক্ষ্মীয়ে সিদ্ধান্ত লৈ পেলাই যে তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ কাৰণে কিবা এটা কৰিব। সেই প্ৰচেষ্টাৰেই লক্ষ্মীয়ে জন্ম দিচলে এটা স্বেচ্ছাসেৱী সংস্থাৰ। লক্ষ্মীয়ে আৰম্ভ কৰিলে ‘ছাওঁ ফাউণ্ডেছন’ নামৰ এটা সংস্থাৰ। সেই সংস্থাৰ অধীনত লক্ষ্মীয়ে দেশ বিদেশৰ এছিড আক্ৰান্তৰ হৈ কাম কৰা পণ লয়। ২০১৪ চনত লক্ষ্মীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা আন্তৰ্জাতিক সাহসী মহিলাৰ সন্মানো লাভ কৰে। লক্ষ্মীৰ জীৱনেই এক প্ৰেৰণা। লক্ষ্মী আগৰৱালাৰ জীৱনত ঘটা এই ঘটনাসমূহৰ পৰা আমি প্ৰত্যেকেই শিক্ষা লোৱা উচিত যে, সৎ সাহসেৰে আগবাঢ়িলে জীৱনত কাহানিও পিছপৰি ৰোৱাৰ প্ৰয়োজনীয়তাই নাথাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম
ৰাজনীতি

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

September 3, 2026
Next Post
যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.