অসম লাইভ২৪ঃ ২৩ এপ্ৰিলৰ পৰা যন্তৰ-মন্তৰত ধৰ্ণা দি আছিল মল্লযুঁজাৰুসকলে। দিল্লী আৰক্ষীৰ হস্তক্ষেপত অৱশেষত এই ধৰ্ণাৰ অন্ত পৰিল। ২৮ এপ্ৰিলত যন্তৰ-মন্তৰৰ পৰা উঠি যাবলৈ বাধ্য হ’ল বজৰং পুনিয়া, সাক্ষী মালিক, বিনেশ ফোগটৰাকে ধৰি আটাইকেইজন মল্লযুঁজাৰু। ৩৫ দিন ধৰি চলা এই ধৰ্ণাত লাখ লাখ টকা খৰচ হৈছিল মল্লযুঁজাৰুসকলৰ। কিন্তু এই লক্ষ লক্ষ ধন কৰ পৰা আহিছিল মল্লযুঁজাৰুসকলৰ হাতলৈ? মল্লযুঁজাৰুসকলে নিজৰ গাঁঠিৰ ধন খৰচ কৰিয়েই এই প্ৰতিবাদ অব্যাহত ৰাখিছেনে? এই প্ৰতিবাদৰ বাবে কোনোৱে তেওঁলোকক সাহায্য প্ৰদান কৰিছিল নেকি?
ধৰ্ণাত বিনেশৰ সৈতে আছিল তেওঁৰ স্বামী সোমবীৰ ৰাঠিও। সোমবীৰ ৰাঠিয়ে সম্প্ৰতি এই খৰচ সম্পৰ্কে সংবাদমাধ্যমৰ সন্মুখত মুখ খুলিছে। সোমবীৰে এই সন্দৰ্ভত কয়, ৩৫ দিনীয়া ধৰ্ণা কাৰ্যসূচীত আমাৰ প্ৰায় ১০ লাখ টকা খৰচ হৈছিল। ধৰ্ণা আৰম্ভ কৰাৰ ৫ দিনৰ ভিতৰতেই আমাৰ ৫ লাখ টকা খৰছ হৈছিল। কিয়নো আমি তাত থাকি লৈছিলো। থাকিবৰ বাবে বিছনা ছাদৰ, তুলি স্পিকাৰ, মাইক আদি বহু সা-সৰঞ্জাম কিনিব লগা হৈছিল। ইয়াৰোপৰি খোৱাবোৱাৰ খৰচ আছেই।’
আৰম্ভণিৰ সময়ছোৱাত মল্লযুঁজাৰুসকলে সকলোবোৰ ভাড়াত আনিছিল। ভাড়াৰ বাবদ দৈনিক তেওঁলোকে পৰিশোধ কৰিছিল ২৭ হাজাৰকৈ টকা। কিন্তু কিছু দিন পাছতেই তেওঁলোকে সিদ্ধান্ত সলনি কৰে। কিয়নো এই ধৰ্ণা দিঘলীয়া হ’ব তেওঁলোকে বুজি উঠিছিল। সোমবীৰে এই সন্দৰ্ভত কয়, ‘আমি ৫০ হাজাৰ টকাত আমাৰ গাওঁৰ পৰা ৮০ টাকৈ গাদী কিনি আনিছিলো। তাৰপূৰ্বে আমি প্ৰতিদিনে এই তুলি বা গাদীৰ বাবে ১২ হাজাৰ টকাকৈ পৰিশোধ কৰি আছিলো। স্পিকাৰ বা মাইকৰ বাবে আমি ১২ হাজাৰকৈ প্ৰতিদিনে পৰিশোধ কৰি আছিলো। ভাড়া দি দি আমি কোঙা হৈ পৰিছিলো সেয়ে দিল্লীৰ চান্দনী চকৰ পৰা ৬০ হাজাৰ টকাৰ স্পিকাৰ আৰু মাইক কিনি আনিলো। ইয়াৰোপৰি দিল্লীত তীব্ৰ গৰম, সেয়ে আমি ফেন, জেনাৰেটৰ আদিও ভাড়াত ল’ব লগা হৈছিল।’ সোমবীৰে কয় যে খৰচ হোৱা ধন তেওঁলোকে নিজৰ গাঁঠিৰ পৰাই খৰচ কৰিছিল। আৰম্ভনিতে তেওঁলোকে হাতত ২-৩ লাখ টকালৈ আহিছিল পাছলৈ আকৌ ধন আনিব লগা হ’ল বুলিও সোমবীৰে সাক্ষাৎকাৰটোত প্ৰকাশ কৰিছে।
উল্লেখ্য যে, ধৰ্ণা চলাকালীন সময়ছোৱাত বহু সাহায্যও লাভ কৰিছিল বুলিও জনাইছে সোমবীৰে। বহুলোকেই মল্লযুঁজাৰুসকলক আৰ্থিকভাৱে সহায়ো কৰিছে। কিন্তু সহায় আগবঢ়োৱাসকল কোনো দলৰ সদস্য নহয় বুলিও জনাইছে মল্লযুঁজাৰুৰ দলটোৱে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ