অসম লাইভ২৪ঃ ‘মৃত্যুও এক শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য্য…’ মৃত্যুকো শিল্পৰ আকাৰ দি জীৱনৰ কঠিন শিলত আঁকিব খোজা কবি হীৰেন ভট্টাচাৰ্যৰ আজি ওপজা দিন। অসমৰ আধুনিক প্ৰসিদ্ধ কবি সকলৰ মাজৰেই এজন হৈছে হীৰুদা। সাধাৰণৰ মাজতেই তেওঁ কিন্তু কিছু ব্যতিক্ৰম আছিল। তেওঁৰ কলমেৰে নিগৰিছিল প্ৰেম ভালপোৱাৰ কথা, শোণিত তৰোৱালৰ কথা কৈ তেঁৱেই কৈছিল দেশৰ পৰিস্থিতিৰ কথা, ভাষাবোৰ তেনেই সহজ, অথচ গভীৰ সাৰমৰ্ম। অসমৰ সৰ্বকালৰ খ্যাতিসম্পন্ন কবিগৰাকীয়ে বিদায় লোৱাৰ ১১টা বছৰেই হ’ল।
হীৰুদাৰ আজি ওপজা দিন। ‘হীৰুদা’ক সুগন্ধি পখিলাৰ কবি বুলিও অসমৰ মানুহে জানে। ১৯৩২ চনৰ ২৮ জুলাইত আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰিছিল ‘হীৰুদা’ই। কবিতা ভালপোৱা মানুহে পুনৰ আজি তেওঁক স্মৰণ কৰিছে। অসমৰ যোৰহাটত জন্ম গ্ৰহণ কৰা কৰিছিল হীৰুদাই। শিক্ষাজীৱন ডিব্ৰুগড়-গুৱাহাটীকে ধৰি কেইবাখনো জিলাত লৈছিল। ডিব্ৰুগড়-গুৱাহাটীকে ধৰি কেইবাখনো চহৰত জীৱনৰ মূল্যৱান সময় অতিবাহিত কৰিছিল। পিতৃ এজন জেইলাৰ হোৱাৰ বাবেই পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগ হৈছিল তেওঁ।
কবিতাৰে প্ৰেমৰ অৰ্থ সলনি কৰা মানুহজন আমাৰ মাজত নাই যদিও তেওঁ কবিতাৰে উদযাপন কৰিব লাগিব জন্মদিন। কবিতা বোৰেই তেওঁ আমাৰ মাজত থকাৰ অনুভৱ জগাই তুলিব। মানুহৰ মাজত থাকি মানুহৰ বাবে কবিতা লিখা মানুহজনক আজি ৰাজ্যৰ কবিতাপ্ৰেমী প্ৰতিজন লোকেই সোঁৱৰিছে। এটা অজুহাত পালেই তেওঁ মানুহৰ তেনেই নিকটত। মানুহ তেওঁৰ প্ৰিয় প্ৰিয় বিষয়। নিঃসৰ্গ তেওঁৰ অমল শব্দৰ উৎসৱ। সেয়ে, হীৰু নামৰ কবিজন কাললৈ আছে এই দেশত, তেওঁ আছে বাবেই এই দেশৰ নিঃস্ব মানুহে আজি কবিতাৰে উদযাপন কৰিছে তেওঁৰেই সত্বাক। এই স্মৰণকালত কবি হীৰুৰ কবিতাৰেই কবি হীৰু উদ্ভাসিত আৰু ‘সুগন্ধি পখিলা’হেন চঞ্চল-উচ্ছল। সেই শীৰ্ণ পখিলাৰ প্ৰগলভ চেতনাই কৈছে-হে সময়। গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা…।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ