অসম লাইভ ২৪ঃ প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱাই কাল হ’ল ২২ গৰাকী লোকৰ। নৌকা দু্ৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ২২ গৰাকী লোকে।
কেৰেলাৰ মল্লপুৰমত সংঘটিত হৈছে এক ভয়ানক নাও দুৰ্ঘটনা। ৰবিবাৰে সন্ধিয়া এখন পৰ্যটক ভৰ্ত্তি নাৱেৰে কেৰেলাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৌছিল প্ৰায় ৪০ গৰাকী যাত্ৰী। কিন্তু হঠাতে পানীৰ মাজত নাও ডুব যোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে ততাতৈয়াকৈ আৰম্ভ কৰা হয় উদ্ধাৰ অভিযান। নিশাৰ আন্ধাৰত উদ্ধাৰকাৰী দলে অভিযান চলায় উদ্ধাৰ কৰে ১০ গৰাকী লোকক। ৫ গৰাকী লোকে সাঁতুৰি পাৰলৈ আহে। আৰু এই দুৰ্ঘটনাত বৰ্তমানলৈকে ২২ গৰাকী লোকে প্ৰাণ হেৰুৱায়। কেৰেলাৰ এই শোকাৱহ দুৰ্ঘটনাই ইতিমধ্যে দেশ জোকাৰি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূয়ে কেৰালাৰ এই শোকাৱহ দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে PMNRFৰ পৰা ২ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে।
এনেধৰণৰ অন্যান্য় বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ