সঘনাই শৌচ কৰিবলৈ যোৱাটো বহুলোকৰ অভ্যাস। সঘনাই শৌচ হোৱা অনুভৱ হোৱাটো খাদ্যৰ খেলিমেলি, পেটৰ সংক্ৰমণ বা ডায়েৰিয়া, আৰু ইৰিটেবল বাৱেল চিনড্ৰম (IBS) ৰ ফলত হ’ব পাৰে। ইয়াৰ মূল কাৰণসমূহ হ’ল বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ, খোৱা-বোৱাত অনিয়ম আৰু অত্যাধিক মানসিক চিন্তা বা উদ্বেগ হ’ব পাৰে। কিন্তু যদি এই সমস্যা বাৰে বাৰে হয়, পেটৰ বিষ, ডায়েৰিয়া, ৰক্তমিশ্ৰিত মল, জ্বৰ বা ওজন কমি যোৱাৰ দৰে আন লক্ষণৰ সৈতে দেখা দিয়ে, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী।
দিনটোত এজন সুস্থ ব্যক্তিয়ে সাধাৰণতে ১ৰ পৰা ৩ বাৰলৈ শৌচ কৰিব পাৰে। কিন্তু যদি স্বাভাৱিকতকৈ বহু বেছি বাৰ শৌচ অনুভৱ হয় বা বাৰে বাৰে শৌচালয়লৈ যাবলগীয়া হয়, তেন্তে ইয়াৰ আঁৰত কিছুমান স্বাস্থ্যজনিত কাৰণ থাকিব পাৰে। এই সমস্যাক অৱহেলা নকৰি ইয়াৰ কাৰণ জানি সময়মতে চিকিৎসা কৰাটো প্ৰয়োজন।
সঘনাই শৌচ অনুভৱৰ সম্ভাৱ্য কাৰণ
১. খাদ্যাভ্যাসৰ পৰিৱৰ্তন
হঠাতে বেছি আঁহযুক্ত খাদ্য, ফল-মূল, শাক-পাচলি, কফি, চাহ বা অতিমছলাযুক্ত খাদ্য খালে অন্ত্ৰৰ গতি বৃদ্ধি পাব পাৰে। ফলস্বৰূপে সঘনাই শৌচ অনুভৱ হ’ব পাৰে।
২. ডায়েৰিয়া বা অন্ত্ৰৰ সংক্ৰমণ
বেক্টেৰিয়া, ভাইৰাছ বা পৰজীৱীৰ সংক্ৰমণৰ ফলত ডায়েৰিয়া হ’ব পাৰে। ইয়াৰ ফলত বাৰে বাৰে পাতল মল হয় আৰু শৌচ অনুভৱ বৃদ্ধি পায়। কেতিয়াবা পেটৰ বিষ, বমি বা জ্বৰো লগত থাকিব পাৰে।
৩. ইৰিটেবল বাওৱেল ছিণ্ড্ৰোম (IBS)
IBS হৈছে অন্ত্ৰৰ এক সাধাৰণ সমস্যা। এই ৰোগত কেতিয়াবা সঘনাই শৌচ হয়, কেতিয়াবা কোষ্ঠকাঠিন্য হয়। পেট ফুলি যোৱা, পেটত মোচৰ মৰা আৰু শৌচ কৰাৰ পিছতো সম্পূৰ্ণ খালী নোহোৱাৰ অনুভৱ ইয়াৰ সাধাৰণ লক্ষণ।
৫. মানসিক চাপ আৰু উদ্বেগ
অত্যাধিক চিন্তা, মানসিক চাপ বা উদ্বেগে অন্ত্ৰৰ কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। বহু লোকৰ ক্ষেত্ৰত মানসিক চাপৰ সময়ত বাৰে বাৰে শৌচ অনুভৱ হয়।
৬. ঔষধৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া
এন্টিবায়’টিক, কিছুমান এচিডিটিৰ ঔষধ, মেগনেছিয়ামযুক্ত ঔষধ বা লেক্সেটিভ (পেট খোলোৱা ঔষধ) খোৱাৰ ফলতো সঘনাই শৌচ হ’ব পাৰে।
৭. থাইৰয়েডৰ সমস্যা
অতি সক্ৰিয় থাইৰয়েড (Hyperthyroidism) থাকিলে শৰীৰৰ বিপাকীয় গতি বৃদ্ধি পায়। ইয়াৰ ফলত শৌচৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে হৃদস্পন্দন বাঢ়ি যোৱা, ওজন কমি যোৱা আৰু ঘাম বেছি ওলোৱাৰ দৰে লক্ষণ দেখা দিব পাৰে।
৮. অন্ত্ৰৰ প্ৰদাহজনিত ৰোগ
যেনে Ulcerative Colitis বা Crohn’s Disease-ৰ দৰে ৰোগত সঘনাই শৌচ, পেটৰ বিষ, ৰক্তমিশ্ৰিত মল আৰু ওজন হ্ৰাসৰ দৰে সমস্যা হ’ব পাৰে। এইবোৰ ক্ষেত্ৰত চিকিৎসা অতি প্ৰয়োজনীয়।
কেতিয়া চিকিৎসকৰ ওচৰলৈ যাব?
তলৰ যিকোনো লক্ষণ থাকিলে দেৰি নকৰি চিকিৎসকৰ পৰামৰ্শ লওক—
- ২–৩ দিনতকৈ অধিক সময় ধৰি সঘনাই শৌচ হোৱা।
- মলত ৰক্ত বা ক’লা ৰঙৰ মল দেখা পোৱা।
- তীব্ৰ পেটৰ বিষ বা উচ্চ জ্বৰ থকা।
- বমি, পানীশূন্যতা বা অতিমাত্ৰাৰ দুৰ্বলতা অনুভৱ কৰা।
- ওজন হঠাতে কমি যোৱা।
- নিশাও বাৰে বাৰে শৌচৰ বাবে সাৰ পাবলগীয়া হোৱা।
এই সমস্যা কমাবলৈ কি কৰিব?
- পৰিষ্কাৰ আৰু সুৰক্ষিত খাদ্য আৰু পানী গ্ৰহণ কৰক।
- শৰীৰত পানীৰ অভাৱ নহ’বলৈ পৰ্যাপ্ত পানী বা ORS পান কৰক।
- মছলাযুক্ত, তেলীয়া আৰু অস্বাস্থ্যকৰ খাদ্য কিছুদিন এৰাই চলক।
- মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ নিয়মীয়া ব্যায়াম, ধ্যান বা পৰ্যাপ্ত টোপনি লওক।
- চিকিৎসকৰ পৰামৰ্শ অবিহনে লেক্সেটিভ বা ডায়েৰিয়াৰ ঔষধ নাখাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














