• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি লাগে অসমক?

সম্পদবোৰ ‘ৰাষ্ট্ৰীয়’ যদি বিপদবোৰ ‘ৰাজ্যিক’ কিয় ?

6 years ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

15 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

16 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

16 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

17 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

18 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

19 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

19 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

20 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

21 hours ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

21 hours ago
8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

8th Pay Commission: শিক্ষকসকলৰ ডাঙৰ দাবী, চৰকাৰক মৌলিক দৰমহা ১.৩৪ লাখ টকা কৰাৰ দাবী

22 hours ago
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা, কোন শাখাত কিমান হৈছে উত্তীৰ্ণ?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

সম্পদবোৰ ‘ৰাষ্ট্ৰীয়’ যদি বিপদবোৰ ‘ৰাজ্যিক’ কিয় ?

বানপানী-খহনীয়াত জুৰুলা অসম নিষ্কৰ্মা শাসকৰ হাতত জাতিৰ ককবকনি

editor by editor
July 22, 2020
in লেখা
0
কি লাগে অসমক?
0
SHARES
214
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সৰ্বানন্দ সোণোৱাল-হিমন্তবিশ্ব শৰ্মাহঁতে সঁচাই-মিছাই টানি টানি দীঘলীয়া কৰি থকা ক’ৰোনা নাটখন শেষ হ’বলৈ নৌপাওঁতেই এইবাৰ সঁচা অৰ্থত ভয়ংকৰ ৰূপত অসমৰ ৰাইজৰ বিপন্ন কৰি পেলাইছে বান-গড়াখহনীয়াই। কেইবাটাও বছৰৰ মূৰত বান-খহনীয়াই এইবাৰ এই ভয়ংকৰ ৰূপ লৈছে। যোৱা কুৰিদিন ধৰি প্ৰায় নেৰা-নেপেৰাকৈ দি থকা বৰষুণে পৰিস্থিতি অধিক জটিল আৰু চিন্তনীয় কৰি তুলিছে। প্ৰায়বোৰ জিলাতে কম-বেছি পৰিমাণে ৰাইজ ক্ষতিগ্ৰস্ত হৈছে বান অথবা খহনীয়াত। পশুধন, খেতি-বাতিৰ কিমান ক্ষতি হৈছে নেদেখিলে বুজা টান। কিন্তু আমাৰ চৰকাৰখন এতিয়া ব্যস্ত কেৱল ক’ৰোনা-নাটৰ বচন মুখস্থ কৰাত। ৰাইজে পানীত ককবকাই থাকক, খাবলৈ পাওকেই বা নৌপাওকেই, মথাউৰিতে থাকক বা অস্থায়ী শিৱিৰতে থাকক- সেইবোৰলৈ কাণ দিয়াৰ সময় এতিয়া আমাৰ মন্ত্ৰীগণৰ নাই। কাৰণ অসমত এতিয়া একমাত্ৰ ইছ্যু ক’ৰোনা। সৰ্বানন্দ-হিমন্তৰ চৰকাৰত ক’ৰোনাই কিয় সৰ্বাধিক গুৰুত্ব পাইছে তাৰ আঁৰৰ ৰহস্য আমাৰ এই শিতানত যোৱা সপ্তাহত আলোচনা কৰিছোঁ। বহুবোৰ জিলাৰ পৰা পোৱা খবৰ মতে বান-বিধ্বস্ত ৰাইজে চৰকাৰী সাহায্য পোৱা নাই। ক’ৰবাত পাইছে যদিও সেয়া অতি নগণ্য। স্থানীয় স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন গণ সংগঠনৰ তৰফৰ পৰা সহায়-সাহায্য দি বান আৰু গড়াখহনীয়াত সৰ্বস্বান্ত মানুহখিনিক কোনোমতে দুবেলা দুসাজ যোগান ধৰি থকা হৈছে। ক’ৰোনা সংক্ৰমণৰ দোহাই দি বাহিৰৰ পৰা সহায় কৰিবলৈ যোৱাৰ বাট চৰকাৰখনেই বন্ধ কৰি থৈছে। অৰ্থাৎ বান, গড়াখহনীয়াত ঘৰ-বাৰী হেৰুওৱা মানুহখিনি নাখাই মৰিলেও যেন চৰকাৰখনৰ কৰিবলৈ একো নাই, তেনে এক ছবিয়েই চৰকাৰখনে ফুটাই দেখুৱাইছে। কাৰণ ক’ৰোনাৰ পৰা মূৰ তুলিবলৈ এতিয়া কাৰো আহৰিয়েই নাই। আমাৰ আমাৰ জলসম্পদ বিভাগৰ দায়িত্বত থকা অকৰ্মণ্য মন্ত্ৰীজনৰ নাম কেশৱ মহন্ত। বহু ঠাইত মন্ত্ৰীজন ৰাইজৰ ৰোষত পৰি পলাবলগীয়াও হৈছে। তথাপি সামান্যতম লাজ নাই। আচলতে সময় মতে মথাউৰি নিৰ্মাণ নকৰা আৰু বিধ্বস্ত মথাউৰিবোৰ সময়মতে যথাযোগ্য মেৰামতি নকৰাৰ বাবেই বছৰে বছৰে অসমত বানপানী আৰু গড়াখহনীয়াই উগ্ৰমূৰ্তি ধাৰণ কৰাৰ সুযোগ পায়। দক্ষতা, অৰ্হতা থাককেই বা নাথাকক, ভাই-ভতিজাহঁতক মথাউৰিৰ নিৰ্মাণ বা মেৰামতিৰ ঠিকাবোৰ দি টকা ছান কঢ়াৰ এক আহিলা কৰি গঢ়ি তোলা হৈছে এই বানপানী, গড়াখহনীয়াৰ সমস্যাক। মন্ত্ৰী কেশৱ মহন্ত এই দিশত বেছি সিদ্ধহস্ত বুলি ওলাই থকা বাতৰিবোৰৰ পৰাই মুকলি হৈ পৰিছে। ধনৰ বাহিৰে বোলে ‘তেৰা’ই আন বিশেষ একো চিনি নাপায়। তেখেত আকৌ অসম গণ পৰিষদ নামৰ ‘তাহানিৰ আঞ্চলিকতাবাদী’ দল এটাৰ কাৰ্যকৰী সভাপতি। কথাই কথাই জাতি উদ্ধাৰৰ শ্ল’গান দিয়া মানুহ। পিছে, ৰাইজে এইবোৰ মানুহৰ স্বৰূপ চিনি নাপায়। দেখিব দুটামান টকাৰ বিনিময়ত অহাবাৰলৈ পুনৰ জিকাই, আকৌ মন্ত্ৰী পাতি, মহন্তৰ লগতে তেওঁৰ ভাই-ভতিজাহঁতক ধনী কৰাৰ সুবিধা কৰি দিব! মন্ত্ৰী পাতি পিছৰ পাঁচটা বছৰ উৰাই-ঘূৰাই তেওঁকেই গালি পাৰিব, সমালোচনাও কৰিব- ‘এওঁ একো নকৰিলে’ বুলি। এয়াই অসমৰ ৰাজনীতি। ‘অসমৰ বান সমস্যা ৰাষ্ট্ৰীয় সমস্যা’ বুলি ঘোষণা কৰিবলৈ আজি যুগ যুগ ধৰি অসমৰ ৰাইজে দাবী উত্থাপন কৰিলে। নুশুনিলে, এতিয়াও শুনা নাই। বিহাৰ, উত্তৰ প্ৰদেশ বা দেশৰ অন্যান্য প্ৰদেশত সামান্য বানপানী হ’লেই তৎক্ষণাত হেজাৰ হেজাৰ কোটি টকা দিল্লীয়ে সাহায্য ঘোষণা কৰে। অসমে হেজাৰবাৰ খাতিৰ কৰাৰ পিছত ভিক্ষাৰীক দিয়াদি কেইটামান টকা দলিয়াই দিয়ে। তাতেই সন্তুষ্ট হৈ যায় আমাৰ জাতি-মাটি-ভেটি বচোৱাৰ শপত লোৱা নেতাসকলে। অসমৰ কয়লা ৰাষ্ট্ৰীয় সম্পদ। দিহিং পাটকাই বৰ্ষাৰণ্য ধ্বংস কৰিলেও অসমৰ মানুহে মাত মাতিব নোৱাৰে, ৰাষ্ট্ৰীয় সম্পদ। অসমৰ খাৰুৱা তেল ৰাষ্ট্ৰীয় সম্পদ। সোপাকে তেলখাদ ব্যক্তিগত মালিকৰ হাতত তুলি দিলেও অসমীয়াই মাত মাতিব নোৱাৰে। তৈল সম্পদ শুহি শুহি খাওঁতে ক’ৰবাত মানুহ জুইত জ্বলি মৰিলে, ঘৰ-বাৰী জ্বলি ধ্বংস হ’লেও (বাঘজান) অসমীয়া চুপ থাকিব লাগিব কাৰণ সেয়া দিল্লীৰ সম্পদ। অসমৰ জলসম্পদ ৰাষ্ট্ৰীয় সম্পদ। ব্ৰহ্মপুত্ৰৰ পানী উলিয়াই নি উত্তৰ ভাৰতৰ খেতিয়কক সহায় কৰিব খুজিলে অসমীয়া নিমাতে থাকিব লাগিব! ৰাষ্ট্ৰীয় সম্পদ। অসমৰ চাহপাত ৰাষ্ট্ৰীয় সম্পদ। অসমৰ বনজ সম্পদ ৰাষ্ট্ৰীয় সম্পদ। কিন্তু সেইখন অসমতে বছৰি শ শ মানুহৰ জীৱন লোৱা, হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমি ধুই নিয়া, লেখ-জোখ নথকাকৈ গৰু-ছাগলী-ম’হকে ধৰি  পশুধনৰ বিস্তৰ ক্ষতিসাধন কৰা বানপানীৰ সমস্যা ‘ৰাষ্ট্ৰীয় সমস্যা’ নহয়! গাঁৱৰ পিছত গাঁও, চহৰ উছন কৰি নিয়া খহনীয়াৰ সমস্যা ‘ৰাষ্ট্ৰীয় সমস্যা’ নহয়! এইবোৰৰ প্ৰতিবাদ নহয় কিয়? চৰকাৰ এখনক কেৱল টকা খাবলৈকে ৰাইজে দিছপুৰত বহুৱায় নেকি? ইয়াতকৈয়ো ভয়ংকৰ কথা যে এতিয়া এখোজ আগুৱাই গৈ দিল্লীয়ে অসমৰ মাটি, অসমৰ সম্পদৰ ওপৰত অবাধ কৰ্তৃত্ব সাব্যস্ত কৰিবলৈ Environment Impact Assessment, 2020 খছৰা প্ৰস্তুত কৰি তাক কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। ই কাৰ্যকৰী হ’লেই পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ সকলো আইনী অধিকাৰ ৰাইজে হেৰুৱাব। চৰকাৰে য’তে যি মন যায় তাকে কৰাৰ আইনী ক্ষমতা লাভ কৰিব। প্ৰতিবাদ ওজৰ-আপত্তি নৰজিব জনতাৰ। এইবোৰত ৰাইজৰ হৈ মাত মাতিবলৈ সাহস নাই সৰ্বানন্দ-হিমন্তবিশ্ব বা কেশৱহঁতৰ। কাৰণ এওঁলোক মোদী-অমিতশ্বাহৰ একো একোজন ‘বিশ্বস্ত বনুৱা’। এওঁলোকক ক্ষমতা দিছে ওভতগোৰে নচাৰ। সোঁৱে-বাঁৱে টকা ঘটাৰ অবাধ ক্ষমতা দি দিছে। বিনিময়ত সমগ্ৰ অসমৰ সম্পদ লুণ্ঠনৰ প্ৰক্ৰিয়া চলাই গৈছে মোদী-অমিতশ্বাহৰ বাহিনীয়ে। কিন্তু কিমান দিনলৈ? জনতাৰ খং, ক্ষোভে যেতিয়া সীমা চেৰাই যায় তেতিয়া জনতাই ৰণচণ্ডী ৰূপ ধাৰণ কৰে। হেজাৰ ক্ষমতাশালী শাসকো তেতিয়া পলাবলৈ বাধ্য হয়। এয়া মোৰ নহয়, ইতিহাসৰ কথা। দিছপুৰীয়া ভণ্ড অসমীয়া কেইজনে সেই ইতিহাসৰ পাত লুটিয়াই চোৱাৰ এয়াই শেষ সময়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24manjit mahantaলেখা
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 28, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?
ভাৰত

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

April 28, 2026
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!
অসম

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

April 28, 2026
Next Post

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ কণ্ঠত 'জয়া নাই, জয়া নাই...'

হিমন্তৰ ‘গল’ক উভতি ধৰিলে গৌৰৱ গগৈয়ে

হিমন্তৰ 'গল'ক উভতি ধৰিলে গৌৰৱ গগৈয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.