অসম লাইভ২৪ঃ শৰীৰ সুস্থ কৰি ৰাখিবলৈ নিয়মিত খাদ্যগ্ৰহণৰ বাদে আন কোনো বিকল্প নাই। চিকিৎসকে ডায়েটৰ মাজতো ভাত খাবলৈকে পৰামৰ্শ দিয়ে। কাৰ্বহাইড্ৰেটৰ প্ৰধান উপাদানেই হৈছে ভাত। আৰু আমাৰ শৰীৰক কাৰ্বহাইড্ৰেটৰ প্ৰয়োজন আছে। ভাতে শৰীৰত কোনোধৰণৰ প্ৰভাৱ নেপেলাই যদিও ভাতৰ সৈতে আমি খোৱা অইন কিছু উপাদানহে শৰীৰৰ বাবে ভয়ংকৰ।
ৰুটি
শুনি হয়তো আচৰিত হ’ব আপুনি। ফাইবাৰ আৰু কাৰ্বহাইড্ৰেটৰ সমতা বজাই ৰাখিবলৈ বহুতেই ভাত আৰু ৰুটি একেলগে খায়। প্ৰায়সংখ্যকেই আমি ভাত আৰু ৰুটি একেলগে খাওঁ। প্ৰকৃততে ভাত আৰু ৰুটি দুয়োটাতেই গ্লাইছেমিক ইনডেক্স বহু বেছি। ফলত একেলগে ভাত আৰু ৰুটি খালে গেছৰ সমস্যাই দেখা দিয়ে।
আলু
আমি সময়ৰ অভাৱত বহুতেই ভাততে আলু এটা দি খাদ্য খাওঁ। কিন্তু পুষ্টিবিদৰ মতে ভাতৰ সৈতে আলু খোৱাটো অস্বাস্থ্যকৰ। দুবিধ খাদ্যতেই কেলৰিৰ পৰিমান বেছি। ফলত ওজন বাঢ়ি যোৱাৰ সম্ভাৱনা থাকে।
ফল
ভাতৰ সৈতে আম বা কঠাল তেনেধৰণৰ ফল খোৱাৰ অভ্যাস বহুতৰেই আছে। কিন্তু এনেকৈ ফলৰ সৈতে ভাত খালে হজমজনিত সমস্যাই দেখা দিয়ে। ফলৰ সৈতে ভাত খোৱাৰ অভ্যাস এৰাই চলাটোৱেই মঙ্গল।
কৰ্ণ
আলুৰ দৰেই ভাতৰ সৈতে কৰ্ণ খোৱাৰ অভ্যাসে শৰীৰত ক্ষতি কৰে। কৰ্ণত ষ্টাৰ্চৰ পৰিমান বেছি। কাৰ্বহাইড্ৰেট আৰু ষ্ট্ৰাৰ্চ একেলগে পেটলৈ গলে শৰীৰৰ ক্ষতি কৰিব পাৰে।
চাহ
ভাতৰ সৈতে ভুলতো চাহ খাব নালাগে। চাহ খোৱাৰ পাছত ভাত বা ভাত খোৱাৰ পাছতেই বহুতেই চাহ খায়। পেটৰ স্বাস্থ্য ভালে ৰাখিবলৈ এই অভ্যাস ত্যাগ কৰাটো অতিকৈ প্ৰয়োজন। টেনিন কেলৰিৰ সৈতে বিক্ৰিয়াৰ ফলত গেছ উৎপন্ন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ