অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতে এই পৃথিৱীৰ পৰা বিদায় লোৱা ৪ মাহ হ’ল। কিন্তু আজিও অনুৰাগীয়ে পাহৰিব পৰা নাই প্ৰিয় শিল্পীগৰাকীক। প্ৰয়াত অভিনেতাগৰাকীৰ স্মৰণত এইবাৰ পশ্চিমবংগৰ এজন শিল্পীয়ে সুশান্তৰ মমৰ মূৰ্তি নিৰ্মাণ কৰিছে। পশ্চিমবংগৰ আছামচুলেৰ বাসিন্দা সুকান্ত ৰায়ৰ এই অভিনৱ কামক প্ৰশংসা জনাইছে সমগ্ৰ দেশে। সুকান্তে জনাইছে যে সুশান্তৰ অভিনয়ে মুগ্ধ কৰিছিল মোক। আৰু তেওঁৰ মৃত্যুৰ খবৰ শুনি ভাগি পৰিছিল সুকান্ত ৰায়। সুকান্তে নিৰ্মাণ কৰা এই মমৰ মূৰ্তি তেওঁ নিজৰ মিউজিয়ামত ৰাখিবৰ বাবে নিৰ্মাণ কৰিছে। উল্লেখযোগ্য যে সুকান্তৰ সেই মিউজিয়ামত অনেক বিখ্যাত লোকৰ মূৰ্তি আছে। লগতে সুকান্তে জনাইছে যে সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ লোকে যদি বিচাৰে যে এনেকুৱা এটা মমৰ মূৰ্তি তেওঁলোকৰ লগত থাকক তেতিয়া সুকান্তে আৰু এটা মমৰ মূৰ্তি নিৰ্মাণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ