অসম লাইভ ২৪ঃ ছ’চিয়েল মিডিয়াই হওক বা সংবাদ মাধ্যমেই হওক… এতিয়া সকলোতে কেৱল সৌৰভ গাংগুলীৰ চৰ্চা। শেহতীয়াকৈ মাইল্ড হাৰ্ট এট্টাকৰ কাৰণে কলকাতাৰ এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে সৌৰভ গাংগুলীক। তেওঁৰ অসুস্থতাত অনুৰাগীৰ মাজত উদ্বিগ্নতাই বিৰাজ কৰিছে। কিন্তু তাৰ মাজতে এই অসুস্থতাক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হৈছে সৌৰভ গাংগুলীক। কাৰণটো হ’ল ফৰ্চুন ৰাইচ ব্ৰেন অইলৰ বিজ্ঞাপন। সৌৰভ গাংগুলী ফৰ্চুন ৰাইচ ব্ৰেন অইলৰ ব্ৰেণ্ড এম্বেছেডৰ। বিভিন্ন প্লেটফৰ্মত এই তেলৰ বিজ্ঞাপন দিয়া দেখা যায় সৌৰভ গাংগুলীক। আৰু সেই বিজ্ঞাপনত দাবী কৰা হয়- এই ৰাইচ ব্ৰেন তেল খালে হৃদপিণ্ড সুস্থ থাকিব। কিন্তু বিগত শনিবাৰে এই ব্ৰেণ্ডৰ এম্বেছেডৰ স্বয়ং যেতিয়া হৃদৰোগত আক্ৰান্ত হয় তেতিয়া স্বাভাৱিকতে সকলোৰে মাজত সৌৰভ গাংগুলী আৰু বিজ্ঞাপনটোক লৈ চৰ্চা হৈছে। অৱশেষত চৰম বিতৰ্কৰ মাজত পৰি ফৰ্চুন তেলৰ সমস্ত বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা জাৰি হ’ল। সকলো ফৰ্চুন তেলৰ বিজ্ঞাপন বন্ধ কৰি দিলে আদানী উইলমাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ