অসম লাইভ২৪ঃ ৪০ বছৰত ভৰি দিলে কেটৰিণা কাঈফে। কেটৰ ৪০বছৰীয়া জন্মদিনৰ সময়তেই আন এক চৰ্চাই ঠাই পাইছে বলীউডত। মাতৃ হ’বলৈ ওলাইছে কেটৰীণা! ২০২১ চনত বিবাহপাশত আৱদ্ধ হৈছিল কেটৰীণা আৰু বিকি কৌশল। তাৰপাছৰে পৰাই কেটৰীণাই কেতিয়া সন্তান জন্ম দিব সেই বিষয়টোক লৈ অব্যাহত আছে চৰ্চা। এক সূত্ৰৰ খবৰ অনুসৰি সন্তান সন্দৰ্ভত চিন্তা-চৰ্চা আৰম্ভ কৰিছে অভিনেত্ৰীগৰাকীয়ে। বিজয় সেতুপতিৰ ‘খ্ৰীষ্টমাছ’ ছবিৰ শ্বুটিং শেষ হ’লেই সন্তানৰ পৰিকল্পনা কৰিব অভিনেত্ৰীগৰাকীয়ে। আনহাতে ছলমান খানৰ সৈতে ‘টাইগাৰ-৩’ ছবিৰ শ্বুটিঙৰ কামো কিছু বাকী আছে কেটৰীণাৰ।
ভাইৰেল খবৰ অনুসৰি ফাৰহান আখতাৰৰ পৰিচালিত ‘জি লে জাৰা’ ছবিত প্ৰিয়ংকা চোপ্ৰা আৰু আলিয়া ভাট্টৰ সৈতে কেটৰীণাও আছে। অভিনেত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এই ছবিৰ শ্বুুটিঙ শেষ কৰাৰ পাছতহে কেটে ল’ব সন্তান পৰিকল্পনাৰ সিদ্ধান্ত। কেটৰ ঘনিষ্ঠ সূত্ৰৰ দাবী এই মুহূৰ্তত কেইবাটাও ভাল কামৰ প্ৰস্তাৱ আহিছে যদিও কেটৰীণাই সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাই। ছবিত কাম কৰাৰ সলনি ব্যক্তিগত জীৱনটো কিছু উদযাপন কৰিবলৈহে আগ্ৰহী কেটৰীণা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ