অসম লাইভ ২৪ঃ আজি এটা যুগ সম্পূর্ণ হ’ল দুঃসহ, ভয়াৱহ ঘটনাৰ। ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত পাকিস্তানী সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ ১২ বছৰ সম্পূর্ণ হ’ল৷ আজমল কাছভ সহ ১০ টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে গুলী-বোমাৰে ৰাঙলি কৰিছিল মায়ানগৰী। জনবহুল অঞ্চল, হোটেলত নির্বিচাৰ গুলীবর্ষণ কৰিছিল নৃশংস সন্ত্ৰাসবাদীৰ দলটোৱে। ইয়াৰে আজমল কাছভ নামৰ সন্ত্ৰাসবাদীটোক জীৱন্তে কৰায়ত্ত কৰিছিল নিৰাপত্তাৰক্ষীয়ে। উক্ত আক্ৰমণত নিহত সুৰক্ষাকর্মীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মহাৰাষ্ট্ৰ আৰক্ষীয়ে আজি এক অনুষ্ঠানৰ আয়োজন কৰিছে। দক্ষিণ মুম্বাই আৰক্ষীৰ মুখ্য কার্যালয়ত নৱনির্মিত স্মাৰক স্থলত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ ৷ ইয়াত শ্বহীদ সুৰক্ষাকর্মীৰ পৰিয়ালৰ লোক উপস্থিত থাকিব৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, গৃহমন্ত্ৰী অনিল দেশমুখ, আৰক্ষী মহানির্দেশক সুবোধ কুমাৰ জয়ছোৱাল, মুম্বাই আৰক্ষী আয়ুক্ত পৰমবীৰ সিং সহ বহু বিষয়াই শ্বহীদক শ্ৰদ্ধাঞ্জলি জনাব৷ উল্লেখ্য যে ২০০৮ চনৰ ২৬ নৱেম্বৰত লস্কৰ-ঈ-তৈবাৰ ১০ টা সন্ত্ৰাবাদী মুম্বাইত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল। এই আক্ৰমণত ১৮ গৰাকী সুৰক্ষাকর্মীৰ সৈতে ১৬৬ জন লোকৰ মৃত্যু হৈছিল। আহত হৈছিল বহু লোক৷ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি এনএছজি আৰু অন্যান্য সুৰক্ষাকর্মীয়ে ৯টা সন্ত্ৰাসবাদীক হত্যা কৰিছিল। জীৱন্তে কৰায়ত্ত আজমল কাছভক ২০১২ চনৰ ২১ নৱেম্বৰত ফাঁচীকাঠত ওলমোৱা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ