আগন্তুক মাহ অৰ্থাৎ ১ ফেব্ৰুৱাৰী ২০২৬ চনৰ পৰা আৰম্ভ হৈছে এনে এক যুগ যাৰ ফলত লাভৱান হ’ব কেইবাটাও ৰাশি৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই বিশেষ দিনত শুক্ৰ গ্ৰহ আৰু শনিয়ে ৪০ ডিগ্ৰি কৌণিক দূৰত্বত অৱস্থান কৰিব যাৰ ফলত সৃষ্টি হ’ব চালিশা যোগ৷ এই যোগ তৈয়াৰ হোৱাৰ ফলত কিছু ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব ইতিবাচক প্ৰভাৱ৷
মেষ ৰাশি
এই সময়ে মেষ ৰাশিৰ জাতক জাতিকাৰ কৰ্মক্ষেত্ৰত অনুকূল পৰিস্থিতিৰ সন্মুখীন হব৷ বিদেশ ভ্ৰমণ কৰাৰ পৰিকল্পনাত সফল হব৷ প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত সম্পৰ্ক ভাল হব৷ ব্যৱসায়ত উন্নতি হব৷ আৰামৰ জীৱন কটাব পাৰিব আপুনি৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায় লাভজনক হব৷ চাকৰিয়ালে গুৰুত্বপূৰ্ণ প্ৰকল্পত অংশগ্ৰহণ কৰিব পাৰে৷ ক্ষমতাত থকা ব্যক্তিয়ে লাভজনক প্ৰকল্পত যোগদানৰ সুযোগ পাব৷ পাৰিবাৰিক শান্তিৰ যুগ তৈয়াৰ হব৷ নতুন আয়ৰ উৎস তৈয়াৰ হ’ব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত চাকৰিত সাফল্য আৰু পদোন্নতিৰ সুযোগ আছে৷ আৰ্থিক অৱস্থা মজবুত হব৷ ভ্ৰমণ কৰাৰ সুযোগ আছে৷ ব্যৱসায়ীসকলৰ বাবেও এই সময় ভাল৷ আপোনাৰ সমস্ত ইচ্ছা পূৰণ হব৷ প্ৰেম বিবাহ সফল হব পাৰে৷ নতুন চাকৰি লাভ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















