আন এক সোনম কাণ্ড, বিবাহৰ ২০ দিন পাছতে পত্নীয়ে প্ৰাণ কাঢ়িলে স্বামীৰ
পত্নী সোনমে বিবাহৰ মাথো এটা সপ্তাহৰ পাছতে স্বামী ৰাজা ৰঘূবংশীৰ প্ৰাণ কঢ়াৰ ১৭ দিনৰ পাছত ধৰা পৰে। মেঘালয় আৰক্ষীয়ে পোহৰলৈ আনে সমস্ত ঘটনা। পাছে এই ঘটনাৰ বৰ্তমানেও তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ মহাৰাষ্ট্ৰৰ পৰা আহিছে আন এক ঘটনা।
এইবাৰ বিবাহৰ মাথো ২০ দিন পাছতে পত্নীয়ে প্ৰাণ কাঢ়িলে স্বামীৰ। এইবাৰ পত্নীয়ে অন্য মানুহৰ সহায় লোৱা নাই, নিজেই নিশা শুই থকা স্বামীক কুঠাৰেৰে ঘপিয়াই ডিঙি কাটি হত্যা কৰে।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি মহাৰাষ্ট্ৰত জেঠ মাহৰ পূৰ্ণিমাত বট পূৰ্ণিমা বুলি আহত গছৰ পূজা কৰা হয়। এইবাৰ ১০ জুন তাৰিখে এই বট পূৰ্ণিমা আছিল। সেই দিনা নৱবিবাহিতা ৰাধিকাই পূজা সম্পন্ন কৰি উঠিল।
২৩ মে’ তাৰিখে ২৬ বৰ্ষীয় ৰাধিকাৰ ৫০ বৰ্ষীৰ অনিল লোখণ্ডে নামৰ এগৰাকী ব্যক্তিৰ সৈতে বিবাহ সম্পন্ন হৈছিল। বিবাহৰ পাছত সকলো ঠিকেই আছিল। কিন্তু বট পূৰ্ণিমাৰ পূজা কৰি উঠাৰ পাছতে দুয়ো স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়।
আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি শাৰীৰিক সম্পৰ্ক স্থাপনৰ বিষয়ক লৈ দুয়োৰে মাজত কাজিয়া লাগে। পাছত অনিল নিশা হোৱাত শুই পৰে। নিশা প্ৰায় ১২,.৩০ মান বজাত অনিলৰ টোপনি অহাত ক্ৰোধত থকা ৰাধিকাই কুঠাৰেৰে মূৰত আক্ৰমণ কৰে। থিতাতে মৃত্যু হয় অনিলৰ।
স্বামীক হত্যা কৰি উঠি ৰাধিকাই সম্পৰ্কীয় ভাতৃৰ আহত এই হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰে। আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি বুধবাৰে ১১ জুন তাৰিখে অভিযুক্ত পত্নীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাই আৰু তাৰ পৰা দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
মৃত স্বামী অনিলৰ সম্পৰ্কীয় মুকেশ লোখণ্ডেৰ অভিযোগৰ ভিত্তিত মৃতকৰ পত্নী ৰাধিকাৰ বিৰুদ্ধে বিএনএছৰ ১০৩ (১) ধাৰাত গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।
উল্লেখ্য যে, অনিল লোখণ্ডেৰ এয়া আছিল দ্বিতীয় বিবাহ। প্ৰথম পত্নীৰ কৰ্কট ৰোগত মৃত্যু হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















