অসম লাইভ২৪ঃ ১০ ফেব্ৰুৱাৰী ২০২৪ৰ শনিবাৰে চন্দ্ৰই শনিৰ ৰাশি কুম্ভত গোচৰ কৰিব। কুম্ভ ৰাশিতেই বৰ্তমান অৱস্থান কৰিছে শনিয়ে। ইয়াৰ ফলত কাইলৈ শনি আৰু চন্দ্ৰৰ যুঁটি গঠিত হ’ব। পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। কাইলৈ আৰম্ভ হ’ব মাঘ গুপ্ত নৱৰাত্ৰিও। তন্ত্ৰ সাধকসকলে এই গুপ্ত নৱৰাত্ৰি বিশেষভাৱে পালন কৰে। কাইলৈ যিসমূহ শুভ যোগ গঠিত হ’ব সেইসমূহ হৈছে বৰিয়ান যোগ আৰু ৰুচক যোগ। ইয়াৰোপৰি ১০ফেব্ৰুৱাৰীত থাকিব ধনিষ্ঠা নক্ষত্ৰ। এইসমূহ শুভ যোগৰ প্রভাৱত কোন কোন ৰাশিৰ জাতকৰ ভাগ্য খুলিব?
মেষ ৰাশি
ৰুচক যোগৰ প্ৰভাৱত জীৱনত উন্নতি হ’ব মেষ ৰাশিৰ জাতকৰ। শনিৰ দয়াত বেছ কিছু আৰ্থিক লাভ হ’ব পাৰে। শিক্ষাক্ষেত্ৰত কোনো সমস্যাই দেখা দিব পাৰে। কিন্তু পূৰ্বৰ সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰিব মেষ ৰাশিৰ জাতকে। নিজৰ লক্ষ্যত এঢাপ আগুৱাই যাব আপুনি। বিবাহৰ কথাও চলিব পাৰে।
সিংহ ৰাশি
কাইলৈ মা দুৰ্গাৰ আশীৰ্বাদৰ শুভ প্ৰভাৱ লাভ কৰিব সিংহ ৰাশিৰ জাতকে। কাইলৈ শনিবাৰে আপোনাৰ পৰিয়ালৰ বাবেও কোনো সুখবৰ আহিব পাৰে। শহুৰৰ ঘৰৰ পৰা সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব পাৰে। ব্যৱসায়ত ৰৈ যোৱা সকলো কামেই সমাধান হ’ব। জনসেৱামূলক কামত সক্ৰিয়ভাৱে যুক্ত হ’ব সিংহ ৰাশিৰ জাতক।
তুলা ৰাশি
১০ফেব্ৰুৱাৰীত গ্ৰহৰাজ শনিৰ আশীৰ্বাদত দুৰ্দান্ত দিন কটাব তুলা ৰাশিৰ জাতকে। কাইলৈ সকলো কামতেই সৌভাগ্য লাভ কৰিব আপুনি। আৰ্থিকভাৱেও বেছ কিছু উন্নতিৰ যোগ আছে। ইয়াৰফলত কাইলৈ আপোনাৰ মনত সুখ শান্তি বৰ্তি থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব। কোনো প্রভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ পৰিচয় হ’ব পাৰে। যাৰফলত আপুনি লাভৱান হ’ব।
ধনু ৰাশি
শনিবাৰে ৰুচক যোগৰ সম্পূৰ্ণ ফল পাব ধনু ৰাশিৰ জাতকে। সন্তানৰ দিশৰ পৰা কাইলৈ কোনো ভাল খবৰো পাব পাৰে। সমাজত সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ধনু ৰাশিৰ জাতকৰ। বন্ধুৰ সৈতে ভাল সময় কটাব। ধনু ৰাশিৰ জাতকে কাইলৈ যি কামতেই হাত দিয়ে সফলতা আহিবই।
মীন ৰাশি
ধনিষ্ঠা নক্ষত্ৰৰ বিশেষ শুভ প্ৰভাৱ থাকিব মীন ৰাশিৰ জাতকৰ ওপৰতো। কাইলৈ নিজৰ প্ৰতিভাৰ বিকাশ ঘটাব পাৰিব আপুনি। পৰিশ্ৰম কৰিলে শনিৰ আশীৰ্বাদ পাবই। কাৰ্যালয়ত প্ৰশংসাৰ পাত্ৰ হ’ব। ধৰ্মীয় বিষয়ৰ প্ৰতি কাইলৈ আপোনাৰ আগ্ৰহ বাঢ়িব। অৰ্থলাভো হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ