অসম লাইভ২৪ঃ আগন্তুক ১৩ফেব্ৰুৱাৰী ২০২৪ মঙলবাৰে মকৰ ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। জ্যোতিষ অনুসৰি সূৰ্য হৈছে শনিৰ পিতৃ। সম্পৰ্কত পিতা পুত্ৰ হ’লেও এই দুই গ্ৰহৰ মাজত সম্পৰ্ক অৱশ্যে ভাল নহয়। সেয়ে যেতিয়াই সূৰ্য আৰু শনি একত্ৰ হয় তাৰ কিছু ক্ষতিকৰ প্ৰভাৱ লক্ষ্য কৰা যায়। ২০২৩ চনৰ শেষৰ ফালে শনিয়ে কুম্ভ ৰাশিত প্ৰৱেশ কৰিছে। শনিয়ে এটা ৰাশিত আঢ়ৈ বছৰ ধৰি অৱস্থান কৰে। সেই হিচাপে সমগ্ৰ ২০২৪ চনত শনি কুম্ভ ৰাশিতেই থাকিব। সূৰ্যই মোটামুটি এমাহ ধৰি একেটা ৰাশিতেই অৱস্থান কৰিব। সূৰ্যইয়ো মকৰ ৰাশি এৰি কুম্ভ ৰাশিৰ প্ৰৱেশ কৰিব যাৰ ফলত দুটা শত্ৰু গ্ৰহৰ মাজত যুঁটি গঠিত হ’ব। সূৰ্যলৈ আহিয়েই কিন্তু শনি অস্ত যাব। সূৰ্য আৰু শনিৰ এই যোগাযোগত জীৱনত বিপদ বাঢ়িব পাঁচ ৰাশিৰ জাতকৰ। অস্তগামী শনি আৰু সূৰ্যৰ মিলনত ক্ষতিৰ মুখত পৰিব কেইটামান ৰাশিৰ জাতক।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ ছকৰ অষ্টম ঘৰত সূৰ্য আৰু শনিৰ যুটি গঠিত হ’ব। এই যোগাযোগ মুঠেও লাভজনক নহ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে। বিশেষকৈ এই সময়ত আৰ্থিক ক্ষেত্ৰত নানান বিপদ আহিব। এই সময়ত কোনো ডাঙৰ বিনিয়োগ নকৰিব। উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভত বাধা আহিব পাৰে। কোনো কোনোৱে আপোনাৰ কামত সমস্যাৰ সৃষ্টি কৰিব। এই সময়ত স্বাস্থ্যও বেয়া হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ।
সিংহ ৰাশি
সিংহ ৰাশিৰ ছকৰ সপ্তম ঘৰত সূৰ্য আৰু শনিৰ মিলন ঘটিব। এই যুঁটিৰ ফলত মানসিক চাপ আৰু অৱসাদ বাঢ়িব সিংহ ৰাশিৰ জাতকৰ। দাম্পত্য জীৱনত এই সময়ত নানান সমস্যাৰ মুখত পৰিব আপুনি। এই সময়ত কাৰোৰে সৈতে কোনো ধৰণৰ আইনী ঝামেলাত সোমাই নপৰাটোৱে মঙ্গল।
কন্যা ৰাশি
কন্যা ৰাশিৰ ছকৰ ষষ্ঠ ঘৰত সূৰ্য আৰু শনিৰ যুঁটি তৈয়াৰ হ’ব। কন্যা ৰাশিৰ ষষ্ঠ ঘৰত এই দুই গ্ৰহই গঠন কৰিব শত্ৰু হন্তা যোগ। ইয়াৰ ফলত আপুনি নিজৰ শত্ৰুক হৰুৱাব পাৰিব। কিন্তু এই যুঁটি ক্ষতিকৰ হ’ব কন্যা ৰাশিৰ জাতকৰ বাবে। আৰ্থিক ক্ষতিৰ সম্ভাৱনা। আৰ্থিক বিষয়ত কাকোৱে বিশ্বাস নকৰিব। প্ৰেমৰ সম্পৰ্কত অশান্তিয়ে দেখা দিব।
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ ছকৰ চতুৰ্থ ঘৰত যুঁটি বান্ধিব সূৰ্য আৰু শনিয়ে। এই দুই গ্ৰহৰ মিলন মুঠেও শুভ নহয় আপোনাৰ বাবে। বিশেষকৈ কেৰিয়াৰত এই সময়ত নানান চেলেঞ্জ আহিব আপোনাৰ। পাৰিবাৰিক জীৱনত অশান্তিয়ে দেখা দিব। পৰিয়ালৰ সদস্যসকলৰ মাজত ভুল বুজাবুজি তৈয়াৰ হৈছে। মানসিকভাৱে এই সময়ত চাপত থাকিব বৃশ্চিক ৰাশিৰ জাতকসকল।
কুম্ভ ৰাশি
কুম্ভ ৰাশিতেই মিলিত হ’ব সূৰ্য আৰু শনি। দুই শত্ৰু গ্ৰহৰ মিলনত নানান সমস্যা আহিব কুম্ভ ৰাশিৰ জাতকৰ। এই সময়ত স্বাস্থ্যৰ দিশৰ পৰা আপোনাৰ অশান্তি থাকিব। সাৱধান হওক। ৰাস্তাঘাটত সাৱধানে চলাফিৰা কৰক। দুৰ্ঘটনাৰ যোগ আছে। ইয়াৰোপৰি মূৰ আৰু শৰীৰৰ নানান অংশত বিষ হ’ব পাৰে। দাম্পত্য জীৱনত অশান্তিৰ মুখত পৰিব কুম্ভ ৰাশিৰ জাতক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ