১২ ছেপ্টেম্বৰ ২০২৪ বৃহস্পতিবাৰে চন্দ্ৰই দিনে নিশাই বৃশ্চিক ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি আজি ভাদ মাহৰ শুক্লপক্ষৰ নৱমী তিথি৷ জ্যোতিষ গণনা অনুসৰি আজি আছে আয়ুষ্মান যোগ, ৰবি যোগ আৰু সৌভাগ্য যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি আজি নিশা ৯বাজি ৫৩ মিনিট পৰ্যন্ত থাকিব মূলা নক্ষত্ৰ আৰু পূৰ্ব আষাড় নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত আজিৰ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ ইয়াৰোপৰি পঞ্জিকা অনুসৰি আজি পালিত হ’ব জ্যেষ্ঠ্যা গৌৰী বিসৰ্জন৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে শ্ৰীবিষ্ণুৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি আজি কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক আজিৰ দিনটো কোন কোন ৰাশিৰ বাবে শুভ?
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ৷ আজি আপুনি আৰ্থিকভাৱে ভাল অৱস্থান কৰিব আৰু বিনিয়োগ কৰাৰ ভাল সুযোগ পাব৷ নিজৰ ব্যস্ত ছিডিউলৰ মাজতো আপুনি প্ৰেম জীৱনৰ বাবে সময় ওলিয়াব পাৰিব৷ ব্যৱসায়ীয়ে ভাল মুনাফা লাভ কৰাৰ সুযোগ আছে৷ দিনটো আনন্দেৰে কটাব৷
সিংহ ৰাশি
আজি মঙলময় দিন কটাব সিংহ ৰাশিৰ জাতকে৷ আজি আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব৷ জীৱনৰ সকলো ক্ষেত্ৰতেই সাফল্য লাভ কৰিব৷ পাৰিবাৰিক সম্পত্তি বৃদ্ধি কৰাৰ সুযোগ পাব৷ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাৰ সুযোগ পাব সিংহ ৰাশিৰ জাতকে৷ সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব৷ নাৰায়ণৰ আশীৰ্বাদত আজি কোনো বৃহৎ সাফল্য লাভ কৰিব পাৰে৷
কন্যা ৰাশি
হাঁহি ফুৰ্তিৰে দিনটো কটাব কন্যা ৰাশিৰ জাতকে৷ আজি আপুনি বিলাসবহুল জীৱন কটাব পাৰে৷ নতুন সম্পত্তি বা বাহন ক্ৰয় কৰিব পাৰে৷ অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে আজিৰ দিনটো শুভ৷ চাকৰি, পঢ়াশুনা বা ভ্ৰমণৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ অন্য কোনো কোম্পানীৰ পৰা ভাল চাকৰিৰ প্ৰস্তাৱ পাব পাৰে কন্যা ৰাশিৰ জাতকে৷
মকৰ ৰাশি
১২ ছেপ্টেম্বৰ আয়ুষ্মান যোগৰ প্ৰভাৱত বৃহৎ সাফল্য পাব পাৰে মকৰ ৰাশিৰ জাতকে৷ বিষ্ণুৰ কৃপাত আজি আপোনাৰ মনৰ কোনো অপূৰ্ণ ইচ্ছা পূৰণ হ’ব পাৰে৷ ইয়াৰ ফলত ঘৰত আনন্দৰ পৰিবেশ থাকিব৷ আজি কৰোবাত ধন বিনিয়োগ কৰিলে ভাল ৰিটাৰ্ণ পাব৷
কুম্ভ ৰাশি
আজি সৌভাগ্য যোগৰ প্ৰভাৱত আপোনাৰ মনত পজিটিভ চিন্তাভাৱনা কৰি কাম কৰিব৷ আজি আৰ্থিক পৰিস্থিতিৰ বৃহৎ উন্নতি হ’ব কুম্ভ ৰাশিৰ জাতকে৷ পৰিয়ালৰ সকলো প্ৰয়োজন আপুনি পূৰণ কৰিব পাৰিব৷ ব্যৱসায়ীয়ে কোনো বৃহৎ চুক্তিত চহী কৰিব পাৰিব৷ ব্যৱসায়িক যাত্ৰা আপোনাৰ বাবে লাভজনক হ’ব৷ কেৰিয়াৰত উন্নতি হ’ব৷ ঘৰত পাৰ্টীৰ আয়োজন কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ