অসম লাইভ২৪ঃ সময়ৰ সৈতে শাৰিৰীক পৰিবৰ্তন ধৰা পৰিছে। বাটে-ঘাটে ওলালেই চুবুৰীয়াই ঘূৰি চাই। ঘূৰি চাই যোৱাই নহয়, একাংশই গালিও পাৰে। বিদ্ৰুপৰ হাঁহিৰ প্ৰত্যুত্বৰ দিবলৈকো তাইৰ জীৱন-মৰণৰ বহু প্ৰশ্ন জড়িত হৈ আছে। নিজকে দোষমুুক্ত বুলিলেই সমাজে তাইৰ কথাবোৰ মানি লোৱাৰ পৰিবেশ আধুনিকতাই আজিও গঢ়িব পৰা নাই! কথা ক’ব পাৰিও মুকবধিৰ হৈ থকা এই যুৱতীগৰাকীয়েই হৈছে উত্তৰপ্ৰদেশ উন্নাওত গণ ধৰ্ষণৰ বলি হৈ মাতৃ হোৱা ধৰ্ষিতাগৰাকী।
উত্তৰপ্ৰদেশৰ উন্নাওত ধৰ্ষণৰ বলি হৈছিল এগৰাকী কণমানি। চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত গণধৰ্ষণৰ বলি হৈছিল ১২ বছৰীয়া কণমানিগৰাকী। গণধৰ্ষণৰ বলি এইগৰাকী কণমানিয়ে জন্ম দিছে এটি সন্তান। সন্তান জন্ম দিয়েই কিশোৰীগৰাকী মুক্ত হৈছে এনে নহয়। সন্তানক সাবটি কিশোৰীগৰাকীয়ে আৰম্ভ কৰিছে অন্য এখন যুঁজ। কণমানিটিক মানুহ কৰি গঢ়াৰ যুঁজ। প্ৰতি পদতেই তদ্ৰুপ, ‘এই সন্তানৰ পিতৃ পৰিচয় কি?’ সন্তানটোৰ জন্মৰ পিছতেই কিশোৰীগৰাকীৰ পৰিয়ালৰ সন্মুখতো দেখা দিছে সংকটে। সন্তান তুলিব পৰাকৈ এতিয়াও কিশোৰীগৰাকী পৰিপক্ক হৈ উঠা নাই। নিজ কন্যাক কথা ক’বলৈ গৈ মাতৃগৰাকীয়ে সেমেকা দুচকু মোহাৰি কয় , খেল-ধেমালী কৰাৰ বয়সত সন্তান সামৰিব লগা হোৱাটোতকৈ জানো আন কিবা দুৰ্ভাগ্যজনক কথা থাকিব পাৰে। আমিয়েই তাইৰ সন্তানটোক চোৱা-চিতা কৰি আছো।’
কিশোৰীৰ মাতৃয়ে উল্লেখ কৰা অনুযায়ী এই গণধৰ্ষণত জড়িত তিনি যুৱকক আৰক্ষীয়ে আটকো কৰিছে। কিন্তু সেই ধৰ্ষণৰ পিছতেই যে কিশোৰীগৰাকী অন্তঃসত্তা হৈছিল সেই কথা পৰিয়ালৰ দৃষ্টিগোচৰ হোৱালৈ বহুসময় পাৰ হৈ গৈছিল। কিশোৰীগৰাকীক গৰ্ভপাতৰো চেষ্টা চলাইছিল যদিও চিকিৎসকে বাধা দিয়ে। গৰ্ভপাত কৰালে কিশোৰীগৰাকীৰ মৃত্যুও হ’ব পাৰে বুলি চিকিৎসকে এই কাৰ্যত বাধা দিয়ে।
কিশোৰীগৰাকীৰ পিতৃয়ে অনা অভিযোগ অনুসৰি, ঘৰত যেতিয়া কিশোৰীগৰাকীৰ অন্তঃসত্বা হোৱাৰ খবৰটো গম পাইছিল তেতিয়া তেওঁলোকে সহায়ৰ বাবে আৰক্ষীৰ কাষ চাপে। কিন্তু নিৰ্যাতিতাৰ পৰিয়ালৰ কথা শুনিবলৈ আৰক্ষী ৰাজী নহ’ল। ধনৰ বলত অভিযুক্তসকলৰো মুখ্য গৰাকী কাৰাগাৰৰ পৰা মুক্ত হৈ ওলাই গ’ল। আৰক্ষীয়ে পৰিয়ালটোৰ গোচৰৰ ভিত্তিত মাত্ৰ তিনিগৰাকীকহে গ্ৰেপ্তাৰ কৰে। ফাষ্টট্ৰেক আদালতত এই গোচৰ চলি আছে। এই গোচৰক লৈ ১৬৮গৰাকীক সোধপোছো কৰিছে আৰক্ষীয়ে। কেৱল সোধপোছেই নিৰ্যাতিতাক ন্যায় দিবনে সেয়াহে উত্তৰহীন প্ৰশ্ন হৈ পৰিছে পৰিয়ালটোৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ