অসম লাইভ২৪ঃ এই বৰ্ষত হিন্দু পত্ৰিকা অনুযায়ী ২৬ চেপ্টেম্বৰৰ পৰা শাৰদীয় দূৰ্গোৎসৱৰ আৰম্ভণি। ৫ অক্টোবৰত দশমীৰে সমাপ্ত হ’ব পূজা। এই ৯ দিনে অৰ্থাৎ নবৰাত্ৰীত দূৰ্গাৰ ৯ টা ৰূপক আৰাধনা কৰা হয়। লোকবিশ্বাস অনুসৰি এই ৯ দিনে দূৰ্গাৰ বিভিন্ন ৰূপক পূজা কৰিলে ব্যক্তিৰ মনৰ সকলো কামনা পূৰ্ণ হয়। ইয়াৰোপৰি কোনো গ্ৰহ দোষ থাকিলেও নবৰাত্ৰীৰ এইসমূহ নিয়ম মানিলে ভাল বুলি শাস্ত্ৰজ্ঞসকলে ক’ব খোজে। নৱৰাত্ৰীৰ কোন দিনা কি পূজা কৰিলে গ্ৰহ দোষ আঁতৰে?
আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা শাৰদীয় দূৰ্গোৎসৱৰ সূচনা। নৱৰাত্ৰীৰ প্ৰথমদিনা শৈলপুত্ৰীৰ পূজা কৰা হয়। নৱৰাত্ৰীৰ প্ৰথম দিনা শৈল্যপুত্ৰীৰ পূজা কৰিলে মঙ্গল দোষ আঁতৰে। সেয়ে নৱৰাত্ৰীৰ পূজাৰ প্ৰথম দিনা মঙ্গল গ্ৰহৰ শান্তিৰ বাবে পূজা কৰা হয়।
নৱৰাত্ৰীৰ দ্বিতীয় দিনা ব্ৰহ্মচাৰিণীৰ পূজা কৰা হয়। ব্ৰহ্মচাৰিণীৰ পূজা কৰিলে ৰাহু গ্ৰহ শান্ত হয়। ৰাহুৰ শান্তিৰ বাবেই ওম ভ্রাং ভ্রীং ভ্রৌং সঃ ৰাহবে নমঃ মন্ত্র জপ কৰিব লাগে।
নৱৰাত্ৰীৰ তৃতীয় দিনা চন্দ্ৰঘণ্টাৰ পূজা কৰা হয়। যাৰ কোষ্ঠীত চন্দ্ৰ গ্ৰহৰ স্থিতি বেয়া তেওঁলোকে চন্দ্ৰঘণ্টা পূজা কৰিব লাগে। চন্দ্ৰৰ শান্তিৰ বাবে ওম শ্রাং শ্রীং শ্রৌং সঃ চন্দ্রমসে নমঃ মন্ত্ৰ জপ কৰিব লাগে।
চতুৰ্থীৰ দিনা দূৰ্গাৰ অন্য এক ৰূপ কুষ্মাণ্ডাৰ পূজা কৰা হয়। কুষ্মাণ্ডাৰ পূজা কৰিলে কেতু গ্ৰহ শান্ত হয়। কেতুৰ শান্তিৰ বাবে ওম কেং কেতব নমঃ মন্ত্র জপ কৰিব লাগে।
দূৰ্গা পূজাৰ পঞ্চম দিনা স্কন্দমাতাৰ পূজা কৰা হয়। কুস্মান্দাৰ পূজা কৰিলে সূৰ্য গ্ৰহৰ দুষ্প্ৰভাৱ আঁতৰ হয়। সূৰ্য দেৱতাৰ শান্তিৰ বাবে পঞ্চমদিনা ওম ঘৃণি সূর্যাদিত্যোম, ওম ঘৃণি সূর্য আদিত্য শ্রী, ওম হ্রাং হ্রীং হ্রৌং সঃ সূর্যায় নমঃ, ওম হ্রীং হ্রীং সূর্যায় নমঃ মন্ত্র জপ কৰিব লাগে।
ষষ্ঠীৰ দিনা দূৰ্গাৰ কাত্যায়নী ৰূপৰ পূজা কৰা হয়। জ্যোতিষ শাস্ত্ৰ অনুযায়ী বুধ গ্ৰহৰ শান্তিৰ বাবে কাত্যায়নি পূজা কৰা হয়। এই পূজাৰ দিনা ওম ব্রাং ব্রীং ব্রৌং সঃ বুধায় নমঃ মন্ত্র জপ কৰা উচিত।
সপ্তমীৰ দিনা কালৰাত্ৰীৰ পূজা কৰা হয়। শনিৰ শান্তিৰ বাবে কালৰাত্ৰীৰ পূজা কৰা হয়। শনিৰ শান্তিৰ বাবে ওম প্রাং প্রীং প্রৌং সঃ শনৈশ্চরায় নমঃ মন্ত্র জপ কৰিব পাৰে।
ইপিনে দূৰ্গাপূজাৰ অষ্টমীৰ দিনা মহাগৌৰীৰ পূজা কৰিলে বৃহস্পতি মজবুত হয়। এই পূজাত ওম গ্রাং গ্রীং গ্রৌং সঃ গুরুবে নমঃ মন্ত্র জপ করা উচিত।
নৱৰাত্ৰীৰ নৱম দিনা সিদ্ধিদাত্ৰীক উপাসনা কৰা হয়। সিদ্ধিদাত্ৰীৰ উপাসনা কৰিলে শুক্ৰদোষ দূৰ হয়। এই পূজাৰ দিনা ওম শুং শুক্রায় নমঃ মন্ত্র জপ কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ