অসম লাইভ ২৪ঃ পৰিবেশ ৰক্ষা কৰাৰ বাবেই যৌন ধৰ্মঘট পালন কৰিব লাগিব। পশুপ্ৰেমী সংগঠন পেটা (PETA) কৰা আবেদনে দৃষ্টি কাঢ়িছে সকলোৰে। পেটাই আবেদনত জনাইছে যে বিশেষ এক শ্ৰেণীৰ পুৰুষেৰে যাতে নাৰীসকল সঙ্গমত লিপ্ত নহয়।
যদি খাদ্যাভ্যাস সলনি নকৰে তেন্তে যৌনতাৰ পথ কণ্টকময় হ’ব। এই ক্ষেত্ৰত, পিপল ফৰ দা এথিকেল ট্ৰিটমেণ্ট অফ এনিমেলচ (পেটা)য়ে পুৰুষসকলক পৰোক্ষভাৱে সতৰ্কবাণীও দিছিল। তেওঁলোকে মহিলাসকলক পোনপটীয়াকৈ আবেদন জনাইছে যাতে তেওঁলোকে এক নিৰ্দিষ্ট শ্ৰেণীৰ পুৰুষৰ সৈতে যৌন সম্ভোগত লিপ্ত নহয়। পশুপ্ৰেমী সংগঠনৰ মতে, পৰিৱেশৰ ব্যাপক ক্ষতিৰ বাবে পুৰুষসকল দায়বদ্ধ। আৰু সেইকাৰণে পেটাই এইবাৰ তেওঁলোকৰ বিৰুদ্ধে যৌন ধৰ্মঘটৰ আহ্বান জনাইছে।
শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে পুৰুষসকলে মহিলাতকৈ অধিক মাংস খায়। ইয়াৰ প্ৰভাৱ জলবায়ুৰ ওপৰত পৰে। পেটাৰ নিজা ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, ‘প্লাছ ৱান’ আলোচনীত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে জলবায়ু পৰিবৰ্তনৰ বাবে পুৰুষসকল মহিলাতকৈ অধিক দায়বদ্ধ। ইয়াৰ কাৰণ হৈছে তেওঁলোকে অধিক মাংস খায়। তেওঁলোকৰ খাদ্যাভ্যাসৰ বাবে, পৰিৱেশত ৪১ শতাংশতকৈ অধিক সেউজগৃহ গেছ উৎপন্ন হয়।
এক সাক্ষাৎকাৰত, ড. কেৰিছ বেনেটে লগতে কৈছে, ‘পুৰুষে মহিলাতকৈ অধিক কাৰ্বন ডাই অক্সাইড এৰে কিয়নো তেওঁলোকে অত্যাধিক মাংস খায়।’ পেটাৰ জাৰ্মানীস্থিত কাৰ্যালয়ৰ সঞ্চালক ডেনিয়েল কক্সেৰ মতে যিসকল লোকে প্ৰায় সময়তে সুৰা, মাংস খাই এওঁলোকে পৰিবেশৰ ক্ষতি কৰিছে। পুৰুষত্ব সুৰা আৰু মাংসতেই প্ৰকাশ নাপায়। সেয়ে পৃথিৱীৰ প্ৰত্যেকগৰাকী এনে পুৰুষৰ বিৰুদ্ধে যৌন ধৰ্মঘট কৰিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ