অসম লাইভ২৪ঃ ১৩ ফেব্ৰুৱাৰী ২০২৪ মঙলবাৰে চন্দ্ৰত বৃহস্পতিৰ ৰাশি মীনে দিনটো অৱস্থান কৰিব। ইয়াৰোপৰি কাইলৈ কুম্ভ ৰাশিত গোচৰ কৰি সূৰ্যই। তাতেই আছে শনিও। ইয়াৰ ফলত কাইলৈ কুম্ভ ৰাশিত শনি আৰু সূৰ্যৰ যুঁটি গঠন হ’ব। পঞ্জিকা অনুসৰি কাইলৈ মাঘ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথি? ইফালে মাঘ গুপ্ত নৱৰাত্ৰিও চলি আছে। তন্ত্ৰ সাধকসকলৰ ওচৰত আদ্যাশক্তিৰ আৰাধনাৰ বাবে এই গুপ্ত নৱৰাত্ৰি অত্যন্ত গুৰুত্বপূৰ্ণ সময়। কাইলৈ থাকিব লগা শুভ যোগসমূহ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ, ৰবি যোগ আৰু সাধ্য যোগ।
ইয়াৰোপৰি কাইলৈ ১৩ ফেব্ৰুৱাৰী ২০২৪ মঙলবাৰে থাকিব উত্তৰভাদ্ৰপদ নক্ষত্ৰ। এইসমূহ শুভ যোগৰ প্ৰভাৱত কাইলৈ কোনো কোনো ৰাশিৰ জাতকে সৌভাগ্য লাভ কৰিব। ইয়াৰোপৰি হিন্দুধৰ্মমতে মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন। জ্যোতিষ অনুসৰি কাইলৈ দিনটো কোন কোন ৰাশিৰ জাতকৰ বাবে কাৰ্যকৰী আৰু লাভজনক হ’ব জানি থওক সবিশেষ।
বৃষ ৰাশি
১৩ ফেব্ৰুৱাৰীত শনি আৰু সূৰ্যৰ যুঁটি গঠন হ’ব। এই যুঁটিৰ প্রভাৱত কাইলৈ দিনটো বৃষ ৰাশিৰ জাতকৰ বাবে বেছ শুভ। কাইলৈ বজৰংবলীৰ আশীৰ্বাদত ভাগ্য খুলিব বৃষ ৰাশিৰ জাতকৰ। কাইলৈ হঠাৎ সম্পদ লাভ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে। অংশীদাৰিত্বৰ ব্যৱসায়ত কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব বৃষ ৰাশিৰ জাতক। কাইলৈ সমাজত আপোনাৰ প্ৰতিপত্তিও বৃদ্ধি পাব।
কৰ্কট ৰাশি
কাইলৈ দিনটো সাধ্য যোগৰ শুভ প্ৰভাৱ যেনেকৈ কাৰ্যকৰী হ’ব তেনেকৈ লাভৰো মুখ দেখিব কৰ্কট ৰাশিৰ জাতকে। কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সফলতা লাভ কৰিব। নিজৰ মনৰ ইচ্ছা কাইলৈ পূৰণ হ’ব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ লেখা পঢ়াত মনোযোগ বৃদ্ধি পাব। বিবাহিত জীৱনত সুখ বৰ্তি থাকিব।
কন্যা ৰাশি
১৩ ফেব্ৰুৱাৰীত সৰ্বাৰ্থ সিদ্ধি যোগত কোনো সুখবৰ লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতকে। যি খবৰ লাভ কৰাৰ বাবে আপুনি দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল সেই খবৰ লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে লেখাপঢ়াত ছিনিয়ৰৰ সাহায্য লাভ কৰিব। কাইলৈ ধন বিনিয়োগ কৰিলে লাভৱান হ’ব আপুনি। বেংকৰ ফিক্সড ডিপোজিট বা ইঞ্চুৰেন্সৰ পৰাও আপোনাৰ লাভ হ’ব। জীৱনসংগীৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ’ব।
ধনু ৰাশি
কাইলৈ মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ থাকিব ধনু ৰাশিৰ জাতকৰ ওপৰত। কাইলৈ নিজৰ পেছাগত আৰু ব্যক্তিগত জীৱনত ভাগ্যৰ সহায় পাব আপুনি। নিজৰ কেৰিয়াৰত বিশেষ উন্নতি কৰাৰো যোগ আছে। নিজৰ প্ৰিয় মানুহৰ সৈতে কাইলৈ আপুনি মনৰ কথা শ্বেয়াৰ কৰিব পাৰে। পিতৃ-মাতৃক তীৰ্থযাত্ৰালৈ পঠিয়াব পাৰে। কাইলৈ চাকৰি লাভৰো যোগ আছে ধনু ৰাশিৰ জাতকৰ।
কুম্ভ ৰাশি
কাইলৈ দিনটোত ৰবি যোগৰ প্ৰভাৱত দিনটো অত্যন্ত মঙ্গলময় হ’ব কুম্ভ ৰাশিৰ জাতকৰ। কাইলৈ নিজৰ এনাৰ্জি আৰু আত্মবিশ্বাসৰ জোৰত সকলো সমস্যাৰ পৰা আপুনি মুক্ত হ’ব। ব্যৱসায়ত কাইলৈ নতুন কোনো সাফল্য লাভ কৰিব পাৰে। কাইলৈ দিনটো কুম্ভৰ জাতকৰ বাবে প্ৰেম জীৱনো মনোৰম হৈ উঠিব। কাইলৈ নতুন চাকৰি লাভ কৰিব পাৰে। ভায়েক-ভনীয়েকৰ সৈতে ভাল সম্পৰ্ক থাকিব কুম্ভ ৰাশিৰ জাতকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















