অসম লাইভ২৪ঃ আপুনি যদি কুম্ভ ৰাশিৰ জাতকৰ সৈতে প্ৰেম কৰিছে তেন্তে কুম্ভৰ জাতকৰ চৰিত্ৰৰ কেইটামান কথা জানি থোৱাটো খুবেই জৰুৰী। ৰাশিচক্ৰৰ ১২টা ৰাশিৰ মাজৰ একাদশতম ৰাশি হৈছে কুম্ভ। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। কুম্ভ ৰাশিৰ উপাদান হৈছে পানী। কুম্ভ ৰাশিৰ জাতক ৰহস্যময় প্ৰকৃতিৰ হয়। কথাতেই কোৱা হয় প্ৰেম অন্ধ। অৰ্থাৎ কাৰোবাৰ প্ৰেমত পৰিলে সেই ব্যক্তিৰ সকলোবোৰ দিশেই আমাৰ ভাল লাগে। কিন্তু অন্ধৰ দৰে কোনো ব্যক্তিক ভালপালে সমস্যাইয়ো দেখা দিয়ে। কুম্ভ ৰাশিৰ জাতকৰ সৈতে ডেট কৰাৰ পূৰ্বেই তেওঁৰ এইকেইটা দিশ জানি থোৱাটো খুবেই জৰুৰী।
ধীৰ-স্থিৰ-শান্ত
কুম্ভ ৰাশিৰ জাতক সাধাৰণতে শান্ত স্বভাৱৰ আৰু স্বাধীনতাপ্ৰিয় হয়। অন্য কাৰো কথাতেই তেওঁলোক সহজে একমত নহয়। নিজে যি ঠিক কৰে শেষ পৰ্যন্ত সেই কথাতেই তেওঁলোক অটল হৈ থাকে। এওঁলোকে নিজৰ ইচ্ছানুসৰি সকলোকে চলোৱাৰো চেষ্টা কৰে যিয়ে কাষৰ ব্যক্তিজনক মনোকষ্টও দিব পাৰে।
সৎ আৰু আৱেগপ্ৰৱণ
কুম্ভ ৰাশিৰ জাতকসকল সৎ হয়। এওঁলোকে কাকোৱেই ঠগ প্ৰৱঞ্চনা নকৰে। এই বিশ্বাস আপুনি এই ৰাশিৰ জাতকৰ ওপৰত পুণ্যৰ্দমে ৰাখিব পাৰে। যাক ভালপায় তেঁওৰ সৈতে আজীৱন সম্পৰ্ক বৰ্তাই ৰাখে এই ৰাশিৰ জাতকে। যি ক’বলগীয়া থাকে মুখৰ আগতেই কৈ দিয়ে এই ৰাশিৰ জাতকে। ঘূৰাই পকাই কথা কোৱাৰ স্বভাৱ এই ৰাশিৰ জাতকৰ নাই।
পছন্দ-অপছন্দ
কুম্ভ ৰাশিৰ জাতক অত্যন্ত বুদ্ধিমান আৰু সংগীৰ পৰাও তেওঁলোকে বুদ্ধিমান হওক বুলিয়েই আশা ৰাখে। বুদ্ধি আৰু মেধা নাথাকিলে কেৱল শাৰীৰিক টানত এওঁলোক কাৰোপ্ৰতি আকৃষ্ট নহয়। কুম্ভ ৰাশিৰ জাতকৰ ওপৰত কোনো নিয়ম জাপি দিলে এওঁলোকে সহজে সেই নিয়ম মানি ল’ব নোখোজে। নিজে যি ঠিক কৰে সেই সিদ্ধান্তৰেই তেওঁলোক আগবাঢ়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ