১৪ দিনৰ আৰক্ষী জিম্মাৰ অন্তত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা আৰু সন্দীপন গাৰ্গক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে। শ্যামকানু, সিদ্ধাৰ্থকে ধৰি ৫ অভিযুক্তৰ আজিৰ পৰা নতুন ঠিকনা হৈছে বাক্সা জিলা কাৰাগাৰ৷ SITৰ জিম্মাত থকাৰ সময়ত কোনো এগৰাকী অভিযুক্তই আদালতত জামিনৰ বাবে আবেদন কৰা নাছিল৷
১ অক্টোবৰত CIDয়ে গ্ৰেপ্তাৰ কৰিছিল সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক। আজি অন্ত পৰিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ১৪ দিনৰ আৰক্ষীৰ জিম্মা। আনফালে হেণ্ডকাফ লগায়েই আদালতলৈ নিয়া হয় সন্দীপন গাৰ্গকো। ৮ অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গক। আজি অন্ত পৰিছিল সন্দীপন গাৰ্গৰো আৰক্ষীৰ জিম্মা। আনফালে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰো ম্যাদৰ অন্ত পৰিছিল। সিদ্ধাৰ্থ শর্মা, শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গৰ সৈতে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকো আদালতত হাজিৰ কৰোৱা হৈছিল৷ আজিৰ পৰা আটাইকেইগৰাকীৰে ঠিকনা বাক্সা জিলা কাৰাগাৰ৷
উল্লেখ কৰা প্ৰয়োজন যে ইতিমধ্যেই বাক্সাৰ জে’লত প্ৰৱেশ কৰিছে জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত অভিযুক্ত ৫ গৰাকীকে৷ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত পূৰ্বৰে পৰাই ভিৰ হৈ আছিল জুবিন অনুৰাগীৰ৷ জয় জুবিন দা ধ্বনি দি ৰৈ থকা প্ৰতিবাদকাৰীয়ে অভিযুক্তক কঢ়িয়াই নিয়া বাহন দেখা মাত্ৰকেই আক্ৰমণাত্মক হৈ পৰে৷ বহুতেই শিলগুটি, চেণ্ডেল আদি নিক্ষেপ কৰিছে বাহনৰ উদ্দেশ্যি৷ জনতাই জে’লৰ গেট ভাঙি প্ৰৱেশৰো চেষ্টা চলোৱাৰ ভিডিঅ’ আহি পৰিছে৷ নিকাছিৰ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত জনতা আৰু আৰক্ষীৰ মাজতো হতাহতি হোৱাৰ খবৰো আহি পৰিছে৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বহুসংখ্যক আৰক্ষী নিয়োগ কৰা হৈছে বাক্সা জিলা কাৰাগাৰৰ বাহিৰত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ