অসম লাইভ২৪ঃ ব্ৰাজিলত ভয়ংকৰ বিমান দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান ভাঙি পৰিছে আমাজন কাষত। এই বিমান দুৰ্ঘটনাত ১৪গৰাকী লোকৰ মৃত্যুৰ খবৰ ইতিমধ্যে বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। বিমানখনত মুঠ ১২ জন যাত্ৰী আৰু দুজন বিমান কৰ্মী আছিল। দুৰ্ঘটনাটো ভাৰতীয় সময় অনুসৰি পুৱতি নিশা সংঘটিত হৈছে। সংবাদ সংস্থা ৰয়টাৰ্ছয়ে প্ৰকাশ কৰা অনুসৰি উত্তৰ আমাজনৰ ৰাজধানী মানাউছৰ পৰা ৪০০ কিঃমিঃ দূৰৈত বাৰ্ছালোছ প্ৰদেশত এই দুৰ্ঘটনা সংঘটিত হৈছে।
বাৰ্ছালোছ ব্ৰাজিলৰ এখন জনপ্ৰিয় পৰ্যটনক্ষেত্ৰত। আমাজনৰ এখন উপনদী ৰিও নেগ্ৰোৰ ধাৰত এই এলেকা। এই এলেকাৰ সৌন্দৰ্য উপভোগ কৰিবলৈকে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে। মানাউছৰ পৰা বাৰ্ছালোছলৈকে গৈ আছিল এই বিশেষ বিমানখনো। মানাউছৰ পৰা বাৰ্ছালোচলৈ সময় লাগে ৯০ মিনিট। আমাজনৰ গভৰ্নৰ উইনছন লিমাই এক্স হেণ্ডেলত দুৰ্ঘটনাক লৈ দুখঃপ্ৰকাশ কৰিছে। মৃতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছে গভৰ্ণৰ উইনছন লিমাই।
মানাউছ এয়াৰটেক্সি এয়াৰলাইনছেও ১৪ জনৰ মৃত্যু নিশ্চিত কৰি এটা বিশেষ বিবৃতি প্ৰকাশ কৰিছে। কেনেকৈ দুৰ্ঘটনাটো সংঘটিত হ’ল তাৰ তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে। ব্ৰাজিলৰ অলপ দূৰত যাতায়াতৰ বাবে সৰু বিমান বা এয়াৰ টেক্সি চলে। দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ মুঠ ১৮ জন যাত্ৰী বহন কৰিব পৰা ক্ষমতা আছিল। দুৰ্ঘটনাত মৃতদেহৰ পৰিচয় এতিয়াও স্পষ্ট নহয়। ব্ৰাজিলৰ কেইবাটাও সংবাদমাধ্যমে জনোৱা অনুসৰি বিমানখনত কেইবাগৰাকীও আমেৰিকান নাগৰিক আছিল। কিন্তু ৰয়টাৰ্ছে এতিয়ালৈকে এই দুৰ্ঘটনাত নিহতৰ চিনাক্তকৰণ সন্দৰ্ভত কোনো মন্তব্য দাঙি ধৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ