• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

1 month ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

1 minute ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

39 minutes ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

1 hour ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

2 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

2 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

3 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

3 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

4 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

4 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

5 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

6 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

টকা গণি গণি 'ভাগৰি' বিকল হৈ পৰি ৫টাকৈ মেচিন! 

editor by editor
July 30, 2026
in অপৰাধ, বিবিধ, ভাৰত, লেখা
0
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পশ্চিমবংগৰ এজন বাছ চালকৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ ধনৰ পাহাৰ। বাছ চালকজনৰ ঘৰত ইমানে নগদ ধন জব্দ হৈছে যে টকা গণনা কৰিবলৈ অনা ৫টাকৈ মেচিন টকা গণি গণি বিকল হৈ পৰে। এক-দুই কোটি নহয়, আৰক্ষীয়ে অভিযানত বাছ চালকজনৰ ঘৰৰ পৰা মুঠ ২৮ কোটি টকা নগদ ধন জব্দ কৰিছে। সম্প্ৰতি সমগ্ৰ দেশতে চৰ্চা লাভ কৰা এই বাছচালকজনৰ নাম মীনাৰ মণ্ডল। মীনাৰ মণ্ডলৰ ঘৰ পশ্চিমবংগৰ বীৰভূম জিলাত।

মীনাৰ মণ্ডল পাথৰ ব্যৱসায়ী তথা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন নেতা অনুব্ৰত মণ্ডলৰ ঘনিষ্ঠ সহযোগী তুলু মণ্ডলৰ আত্মীয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে জুলাইৰ আৰম্ভণিতে তুলু মণ্ডলে ঋতব্ৰত বেনাৰ্জীয়ে নেতৃত্ব দিয়া বিদ্ৰোহী গোটত যোগদান কৰিছিল। বাছ চালক মীনাৰ পূৰ্বতে ৰাজ্যিক পৰিবহণ বিভাগত বাছৰ চালক হিচাপে কৰ্মৰত আছিল। পৰৱৰ্তী সময়ত পাথৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে মীনাৰ। মীনাৰ তুলু মণ্ডলৰ মালিকানাধীন পাথৰ খনি আৰু ষ্টোন ক্ৰাছাৰ ইউনিটসমূহৰ সৈতেও জড়িত আছিল বুলি আৰক্ষীয়ে সদৰী কৰে।

আৰক্ষীৰ অভিযানত কেৱল ২৮ কোটি টকা নগদ ধনেই নহয়, উদ্ধাৰ হৈছে আন বহুতো মূল্যৱান সামগ্ৰী। আৰক্ষীৰ অভিযান কালত উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছে ১৫ কিলোগ্ৰাম সোণ, যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ২১ কোটি টকা। নগদ ধন আৰু সোণ উদ্ধাৰৰ পিছতে মীনাৰ মণ্ডলক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ আগত তেওঁ স্বীকাৰ কৰে যে উদ্ধাৰ হোৱা নগদ ধন আৰু সোণ তুলু মণ্ডল আৰু তুলু মণ্ডলৰ অধীনত থকা এটা “অবৈধ চক্ৰ”ৰ। পশ্চিমবংগ আৰক্ষীয়ে বুধবাৰে নিশাৰ পৰা আৰম্ভ কৰিছিল এই অভিযান।

মীনাৰ মণ্ডলৰ গৃহৰ পৰা এই বুজন পৰিমাণৰ ধন-সোণ জব্দ কৰাৰ পিছতে এখন বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান চৰ্চালৈ আহিছে। চৰ্চাৰ কেন্দ্ৰলৈ অহা এই বিয়াখন হৈছে ২০২৪ত অনুষ্ঠিত হোৱা তুলু মণ্ডলৰ কন্যাৰ বিয়া। বীৰভূমৰ সুৰীত অনুষ্ঠিত এই বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ১০০ কোটিতকৈ অধিক খৰচ কৰা হৈছিল বুলি চৰ্চিত হৈছিল। অভ্যৰ্থনা অনুষ্ঠানত বলীউডৰ অভিনেতা আৰবাজ খান, অভিনেত্ৰী জেৰিন খানৰ উপৰিও বহু বাংলা চিনেমাৰ অভিনেতা-অভিনেত্ৰী উপস্থিত আছিল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24money launderingmoney recovery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ
জীৱনশৈলী

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

September 10, 2026
Next Post
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.