IPLৰ সবাটোকৈ সফল প্ৰশিক্ষক ষ্টিফেন ফ্লেমিঙে চেন্নাই ছুপাৰ কিঙছৰ প্ৰশিক্ষকৰ দায়িত্বৰ পৰা অব্যাহতি লৈ আজিৰে ইংলেণ্ড টেষ্ট দলৰ প্ৰশিক্ষকৰ গুৰু দায়িত্ব গ্ৰহণ কৰিছে। ইপিনে ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়ক বেন ষ্টকছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ পিছতে দলটোৰ ৰঙা বলৰ দায়িত্ব দিয়া হৈছে অভিজ্ঞ জো ৰুটক। ইয়াৰ লগে লগে জো ৰুটে দ্বিতীয়বাৰলৈ ইংলেণ্ডৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিছে। উল্লেখ্য যে ইংলেণ্ডৰ টেষ্ট দলৰ প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰা ষ্টিফেন ফ্লেমিঙে ইয়াৰ পূৰ্বে জন্মলগ্নৰে পৰা চেন্নাই ছুপাৰ কিঙছৰ সৈতে জড়িত হৈ আছিল। IPLৰ প্ৰথমটো সংস্কৰণত CSKৰ শিবিৰত খেলুৱৈ হিচাপে যোগদান কৰাৰ পিছত দ্বিতীয়টো সংস্কৰণ অৰ্থাৎ ২০০৯ চনৰ পৰাই দলটোৰ প্ৰশিক্ষণৰ দায়িত্বত আছিল। ফ্লেমিঙৰ অধীনতে CSKই সৰ্বাধিক ১০ বাৰকৈ IPLৰ ফাইনেললৈ উন্নীত হোৱাৰ বিপৰীতে ৫ বাৰকৈ চেম্পিয়নৰ সন্মান লাভ কৰিছিল। ইয়াৰ উপৰিও ফ্লেমিঙৰ অধীনতে CSKই দুবাৰকৈ Champions League Twenty20ৰ খিতাপ দখল কৰিছে।

ষ্টিফেন ফ্লেমিঙৰ বিদায়ৰ পিছতে ছুপাৰ কিঙছ ফ্ৰেনচাইজীটোৰ SA20 লীগৰ জোবাৰ্গ ছুপাৰ কিঙছেও দলটোৰ নতুন প্ৰশিক্ষকৰ নাম ঘোষণা কৰিছে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অলৰাউণ্ডাৰ এলবি মৰ্কেলক SA20ৰ পঞ্চম ছিজনৰ বাবে জোবাৰ্গ ছুপাৰ কিংছৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। বৃহস্পতিবাৰে এই আনুষ্ঠানিক ঘোষণা কৰে ফ্ৰেঞ্চাইজিটোৱে। উল্লেখ্য যে প্ৰথম চাৰিটা ছিজনত জোবাৰ্গ ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল ষ্টিফেন ফ্লেমিং। ফ্লেমিঙৰ বিদায়ৰ পিছতে মুখ্য প্ৰশিক্ষকৰ খালী হৈ থকা ঠাই পূৰণ কৰিব এলবি মৰ্কেলে। ইয়াৰ পূৰ্বে IPLত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা মৰ্কেলে SA20ৰ প্ৰথম ছিজনৰ পৰাই জোবাৰ্গ ছুপাৰ কিংছৰ প্ৰশিক্ষক দলৰ অংশ হৈ আছিল।
ছুপাৰ কিংছৰ স্বত্বাধিকাৰী ৰূপা গুৰুনাথে এই নিযুক্তিত আনন্দ প্ৰকাশ কৰি কয় যে, “এলবি মৰ্কেল বিগত কেইবাবছৰ ধৰি প্ৰশিক্ষক গোটৰ এক গুৰুত্বপূৰ্ণ সদস্য হৈ আহিছে। তেওঁ ছুপাৰ কিংছৰ সংস্কৃতি আৰু দৰ্শনক ভালদৰে বুজি পায়। তেওঁ খেলুৱৈ আৰু কৰ্মচাৰীৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তুলিছে আৰু খেলুৱৈৰ বিকাশৰ ক্ষেত্ৰত পৰ্দাৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।” জোবাৰ্গ ছুপাৰ কিংছৰ পৰিচালক কে এছ বিশ্বনাথানেও কয় যে মৰ্কেলে-দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটৰ বিষয়ে বুজাৰ উপৰিও ছুপাৰ কিংছৰ সংস্কৃতিৰ অভিজ্ঞতাই তেওঁক দলটোক আগুৱাই নিয়াৰ বাবে নিখুঁত ব্যক্তি কৰি তুলিছে।
ইপিনে নতুন দায়িত্ব লাভ কৰি এলবি মৰ্কেলে কয় যে-জোবাৰ্গ ছুপাৰ কিংছৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি পোৱাত তেওঁ সন্মানিত। খেলুৱৈ হিচাপে ছুপাৰ কিংছৰ জাৰ্চি পিন্ধাৰ পৰা আৰম্ভ কৰি এতিয়া মুখ্য প্ৰশিক্ষক হিচাপে ফ্ৰেঞ্চাইজিৰ নেতৃত্ব দিয়ালৈকে ই সঁচাকৈয়ে এক বিশেষ যাত্ৰা। তেওঁ লগতে কয় যে-তেওঁ দলৰ সৈতে গঢ়ি তোলা শক্তিশালী ভেটিৰ ওপৰত নিৰ্মাণ কৰি খেলুৱৈসকলক তেওঁলোকৰ সম্পূৰ্ণ প্ৰতিভা আৰু সম্ভাৱনাক খেলপথাৰত কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি তাত গুৰুত্ব দিয়াটোৱেই হব তেওঁৰ লক্ষ্য।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















