SIP ত যদি সঠিকভাৱে বিনিয়োগ কৰিব পাৰে তেন্তে এক নিৰ্দিষ্ট সময়ৰ পাছতেই তাৰ পৰা ভাল ৰিটাৰ্ণ আহিবই৷ কিন্তু বিনিয়োগ আপুনি হিচাপমতে কৰিব লাগিব৷ যদি মাহিলী ১৫ হাজাৰ টকাকৈ এছ আই পিত বিনিয়োগ কৰে তেন্তে তাৰ পৰা এক নিৰ্দিষ্ট সময়ৰ পাছত বিৰাট অংকৰ টকা পাব পাৰে৷ তাত মাত্ৰ ৫ বছৰৰ ভিতৰত আপুনি পাব ২ কোটি ২৬ লাখ টকা? জানি থওক আপুনি কেনেকৈ এই ধন লাভ কৰিব?
আপুনি বিষয়টো দুই ধৰণে চাব পাৰে৷ যদি মাহিলী ২০ হাজাৰ টকাকৈ SIPত বিনিয়োগ কৰে আৰু যদি ৫ বছৰৰ পাছত সেয়া বন্ধ কৰি দিয়ে তেন্তে সেই টকা বাঢ়িবলৈ মুঠ সময় লাগিব ২৫ বছৰ৷ অন্যহাতে আপুনি ২০ হাজাৰ টতা যদি ৩০ বছৰ ধৰি বিনিয়োগ কৰিব পাৰে তেন্তে আপুনি বছৰি ১২ শতাংশ হাৰত সুদ পাবই৷
৫ বছৰত আপোনাৰ মুঠ বিনিয়োগ হব ১২ লাখ টকা৷ কেপিটেল গেইন হব ৪লাখ ২২ হাজাৰ ৭২ টকা৷ মুঠ কৰপাছ হব ১৬ লাখ ২২ হাজাৰ ৭২ টকা৷ যদি এই টকা ২৫ বছৰ ধৰি জমা ৰাখে তেন্তে কেপিটেল গেইন হব ২ কোটি ৫৯ লাখ ৫৩ হাজাৰ ২৫৬ টকা৷ মুঠ কৰপাছ হব ২ কোটি ৭৫ লাখ ৭৫ হাজাৰ ৩২৮ টকা৷
হিচাপ অনুসৰি ১৫ হাজাৰ টকা মাহিলী যদি বিনিয়োগ কৰে তেন্তে ৫ বছৰত সুদ পাব ১২শতাংশকৈ৷ যদি ৫শতাংশ অতিৰিক্ত সুদ পাব খোজে তেন্তে মুঠ SIP হব ৯লাখ ৯৪ হাজাৰ ৬১৪ টকা৷ মুঠ কৰপাছ হব ১৩ লাখ ২৯হাজাৰ ৭০৪টকা৷ যদি ১৪ শতাংশকৈ আপুনি সুদ পায় তেন্তে এই ১৩ লাখ ২৯ হাজাৰ ৭০৪ টকা যদি আকৌ ২৫ বছৰৰ বাবে বিনিয়োগ কৰে তেন্তে কেপিটেল গেইন হব ২ কোটি ১২ লাখ ৭৫ হাজাৰ ৩৫০ টকা৷ মুঠ কৰপাছ হব ২ কোটি ২৬ লাখ ৫ হাজাৰ ৫৪টকা৷
SIPত বিনিয়োগ কৰাৰ পূৰ্বে ভালকৈ সকলোবোৰ জানি থোৱা প্ৰয়োজন৷ যদি কোনো ক্ষতিৰ মুখত পৰে তেন্তে তাৰবাবে দায়ী অসম লাইভ ২৪ নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ