১৬ ডিচেম্বৰ মঙলবাৰৰ দিনৰ অধিপতি হনুমান৷ জ্যোতিষশাস্ত্ৰৰ হিচাপ অনুসৰি চন্দ্ৰৰ গোচৰ তুলা ৰাশিত হব৷ এই পৰিস্থিতিত বৃহস্পতি চন্দ্ৰৰ পৰা পঞ্চম ঘৰত অৱস্থান কৰিব আৰু নৱম পঞ্চম যোগ তৈয়াৰ কৰিব৷ ইয়াৰোপৰি বুধ আৰু শুক্ৰ বৃশ্চিক ৰাশিত লক্ষ্মী নাৰায়ণ যোগ তৈয়াৰ কৰিব৷ এই সমস্ত কিছুৰ ওপৰিও স্বাতীৰ পাছত বিশাখা নক্ষত্ৰৰ সংযোগত ত্ৰিপুষ্কৰ যোগো তৈয়াৰ হব৷ এই পৰিস্থিতিত মঙ্গলবাৰে বৃষ, মিথুন, কন্যা, বৃশ্চিক আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে শুভ দিন হব৷
মঙলবাৰৰ ভাগ্যবান ৰাশি
বৃষ ৰাশি
মঙলবাৰ বৃষ ৰাশিৰ বাবে শুভ দিন হব৷ আপোনাৰ কোনো ইচ্ছা পূৰ্ণ হব৷ আপুনি ব্যৱসায়িকভাৱে লাভৱান হব৷ মঙ্গলবাৰ বৃষ ৰাশিৰ বাবে শুভ দিন হব৷ আপোনাৰ কোনো ইচ্ছা পূৰণ হব৷ আপুনি ব্যৱসায়িকভাৱেও লাভৱান হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধতনসকলৰ পৰা সমৰ্থন পাব৷ আপুনি উপহাৰ পাব পাৰে৷ শিক্ষাক্ষেত্ৰত আপুনি সাফল্য পাব৷ পৰিয়ালৰ পৰা সহায়তা লাভ কৰিব৷ যিসকলে চাকৰি পৰিবৰ্তন কৰাৰ চেষ্টা কৰিছে তেওঁলোকে সাফল্য পাব৷
মিথুন ৰাশি
মঙ্গলবাৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে পাৰিবাৰিক বিষয়ত অনুকূল থাকিব৷ পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব৷ আৰ্থিক ক্ষেত্ৰত আপোনাৰ আয় বৃদ্ধি পাব পাৰে৷ আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ সক্ৰিয়তা আৰু মেনেজমেণ্টৰ দক্ষতাৰ পলত আপুনি উপকৃত হব৷ কিছু গুৰুত্বপূৰ্ণ কাম সম্পন্ন হব৷ আপুনি যদি কাৰোবাক ধন ধাৰে দিয়ে তেন্তে উভতাই পাব৷ শিক্ষাক্ষেত্ৰত আপোনাৰ কৰ্মদক্ষতা উন্নত হব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে ব্যৱসায়ৰ দিশত শুভ দিন হব৷ ব্যৱসায়িক আয় বৃদ্ধিয়ে আপোনাক আনন্দ দিব৷ আপুনি কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ পৰা সহয়তা পাব৷ আপোনাৰ ডাঙৰ ইচ্ছা পূৰণ হব পাৰে৷ যিসকলৰ বিদেশত কামৰ সংযোগ আছে অথৱা যিসকল প্ৰযুক্তিগত কামত জড়িত তেওঁলোক উপকৃত হব৷ প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰেমিকৰ সৈতে শুভ সময় কটাব৷ অসুস্থ ব্যক্তিসকলৰ স্বাস্থ্যৰ উন্নতি হব৷
বৃশ্চিক ৰাশি
মঙ্গলবাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে দীৰ্ঘম্যাদি সুবিধা কঢ়িয়াই আনিব৷ আপোনাৰ কামৰ মাধ্যমেৰে আপুনি ভৱিষ্যতে লাভৱান হব৷ আপোনাৰ আৰ্থিক পৰিকল্পনা সফল হব আৰু আপুনি আৰ্থিক লাভ পাব৷ আপোনাৰ কাম শুভ আৰু অনুকূল থাকিব৷ আপোনাৰ জীৱনলৈ কিছু ইতিবাচক পৰিবৰ্তন আহিব পাৰে৷ আপুনি পোছাক আৰু বিলাসবহুল সামগ্ৰী অৰ্জন কৰিব পাৰে৷ কোনো সাহসী সিদ্ধান্তৰ মাধ্যমেৰেও আপুনি উপকৃত হব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে অপ্ৰত্যাশিত সুবিধা কঢ়িয়াই আনিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব৷ বুদ্ধিদীপ্ত সিদ্ধান্তৰ মাধ্যমেৰে আপুনি উপকৃত হব৷ আপোনাৰ প্ৰযুক্তিগত জ্ঞান আৰু অভিজ্ঞতাৰ পৰাও আপুনি উপকৃত হব৷ চৰকাৰী কামত যদি আপোনাৰ কাম ৰৈ আছে তেন্তে সেয়া সম্পন্ন হব৷ আদালতৰ বিষয়সমূহৰ পৰা দূৰৈত থকাই যুক্তিযুক্ত৷ আপোনাৰ প্ৰেম জীৱনত সুখ থাকিব৷ আপোনাৰ বিবাহিত জীৱনত প্ৰেম আৰু সম্প্ৰীতি বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















