আইফোন আছে যদি হোৱাটছ এপে দিব এক বিশেষ সুবিধা, আজিয়ে জানক
WhatsApp এ এটা নতুন বৈশিষ্ট্য আনিবলৈ গৈ আছে, যি বৈশিষ্টৰ সুবিধা উঠাব পাৰিব আইফোন ব্যবহাৰকাৰীয়ে। এই নতুন বৈশিষ্টৰ জৰিয়তে iOS ব্যৱহাৰকাৰীয়ে এটা ডিভাইচত একাধিক একাউণ্ট পৰিচালনা কৰিব পাৰিব।
WaBetaInfo ৰ প্ৰতিবেদন অনুসৰি এই আপডেট বৰ্তমান বিটা পৰীক্ষণ পৰ্যায়ত আছে আৰু অতি সোনকালে সকলো আইফোন ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব। এই বৈশিষ্ট্য TestFlight ত পোৱা গৈছে শেহতীয়া WhatsApp beta iOS 25.2.10.70 আপডেটত, যিয়ে ব্যৱহাৰকাৰীক একেটা ডিভাইচতে থকাৰ সময়ত একাধিক WhatsApp একাউণ্টৰ মাজত কাম কৰাৰ স্বাধীনতা প্ৰদান কৰিব।
অৰ্থাৎ এই বৈশিষ্ট্যৰ সহায়ত ব্যৱহাৰকাৰীয়ে পোনপটীয়াকৈ এটা মোবাইলতে এটা হোৱাটছএপ একাউণ্টৰ পৰা আন এটা হোৱাটছএপ একাউণ্টলৈ যাব পাৰিব।
এই বৈশিষ্ট্যৰ প্ৰৱৰ্তনে এটাতকৈ অধিক ফোন নম্বৰ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলৰ বাবে কিছু সুবিধা কঢ়িয়াই আনিব। তেওঁলোকৰ বাবে একাধিক ফোন নম্বৰ পৰিচালনা কৰাটো সহজ হৈ পৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ