দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ
দিল্লীৰ বস্তি এলেকাৰ বাসিন্দাসকলৰ বৰ্তমানৰ জীৱন ধাৰণৰ সমস্যা আৰু দুৰ্দশা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেঁওলোকৰ জীৱন ধাৰণৰ পৰিৱেশ উন্নত কৰিবলৈ গ্ৰহণ কৰা সংকল্পৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমাগত দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আজি নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে দিল্লীৰ জনসাধাৰণক অৱগত কৰে। দেশৰ ৰাজধানী দিল্লীৰ কাৰৱাল নগৰ, ঘোণ্ডা আৰু চান্দনী চ’কত ৩ খন নিৰ্বাচনী জনসভাত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই বাংলাদেশৰ শেহতীয়া অস্থিৰতাৰ পটভূমিত বাংলাদেশী অনুপ্ৰৱেশৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ পৰা ভাৰতক সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা আৰু কাৰ জৰিয়তে নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বিজেপিৰ দূৰদৰ্শী নীতিগত প্ৰচেষ্টাৰ বিষয়ে কয়।
মুখ্যমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালৰ চৰ্চিত বাসগৃহ ‘চিচমহল’ক সমালোচনা কৰি কয় যে যিতিয়া দিল্লীয়ে কভিডৰ সময়ত সংকটৰ সৈতে যুঁজ দি আছিল, সেই সময়ত কেজৰিৱালে চিচমহল নিৰ্মাণ কৰিছিল। লগতে তেঁও দিল্লীৰ মোহল্লা ক্লিনিকৰ বিফল আৰ্হি সম্পৰ্কে আলোকপাত কৰে। ড০ শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ে উল্লেখ কৰি কয় যে বিজেপি গৈছে এনে এটা দল যিয়ে প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি আহিছে। অসমত মহিলাৰ প্ৰতি চৰকাৰে আগবঢ়োৱা সাহায্য, ৰাজসাহায্যযুক্ত ৰন্ধন গেছ প্ৰদান কৰি থকাৰ বিষয়ে ব্যক্ত কৰে। ড০ শৰ্মাই দিল্লীক আৱৰ্জনা আৰু প্ৰদূষণমুক্ত চহৰ হিচাপে গঢ়ি তুলিবলৈ দলটোৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু ক্ষমতালৈ আহিলে সকলো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সংকল্পৰ কথা উল্লেখ কৰে। দিনটোৰ ব্যস্ততা সামৰি মুখ্যমন্ত্ৰীয়ে দিল্লীত বাস কৰা অসমীয়া লোকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু নৈশ আহাৰত মিলিত হয়। শেষত ড০ শৰ্মাই অসমৰ পৰম্পৰা -ঐতিহ্যক জীয়াই ৰখাৰ বাবে দিল্লীবাসী অসমীয়া সমাজক কৃতজ্ঞতা জ্ঞাপন কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ