জানেনে ভাৰতীয় সেনাত নেপালৰ লগতে অন্য দুখন দেশৰ নাগৰিকেও যোগদান কৰিব পাৰে
ভাৰতীয় সেনাত নেপালৰ লোকৰ যোগদানৰ কথা সকলোৱে জানে। নেপালী বহু লোকেই গোৰ্খা ৰেজিমেণ্টত যোগদান কৰি দেশ ৰক্ষাৰ বাবে বহু কাম পূৰ্বৰে পৰা কৰি আহিছে। পাছে জানেন, নেপালৰ লগতে অন্য দুখন দেশৰ নাগৰিকেও ভাৰতীয় সেনাত যোগ দি দেশ ৰক্ষাৰ কাম কৰিব পাৰে।
নেপাল
নেপালৰ নাগৰিকে বিশেষকৈ গোৰ্খা জোৱান নিযুক্তিৰ জৰিয়তে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব পাৰে। এই পৰম্পৰা ভাৰতত ব্ৰিটিছৰ যুগৰ পৰাই চলি আহিছে। ভাৰতীয় সেনাবাহিনীত ৪টা গোৰ্খা ৰেজিমেণ্ট আছে।
ভূটান
ভূটানৰ নাগৰিকেও ভাৰতীয় সেনাবাহিনীত যোগদানৰ যোগ্যতা অৰ্জন কৰিছে। তাত থকা নাগৰিকসকলে নিৰ্দিষ্ট নিযুক্তি আঁচনিৰ অধীনত ভাৰতীয় সেনাবাহিনীত যোগদান কৰি আহিছে।
তিব্বত
ভাৰতত স্থায়ীভাৱে বসতি স্থাপন কৰা তিব্বতৰ পৰা অহা শৰণাৰ্থীসকলে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব পাৰে। বৰঞ্চ ভাৰতৰ তিব্বতী সৈন্যৰ এটা বিশেষ দল আছে, যিয়ে হিমালয়ত চীনৰ বিৰুদ্ধে হোৱা যুদ্ধত বিশেষ আক্ৰমণাত্মক ভূমিকা পালন কৰে। অৱশ্যে ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ পূৰ্বে তিব্বতী শৰণাৰ্থীসকলে অতিৰিক্ত নিৰীক্ষণৰ সন্মুখীন হ’বলগীয়া হয়।
কিন্তু এই তিনি দেশৰ বাহিৰে কেইখনমান এনে দেশ আছে, যি দেশৰ নাগৰিকে ভাৰতীয় সেনাত যোগদান কৰিব নোৱাৰে, সম্পূৰ্ণ নিষিদ্ধ সেই দেশৰ নাগৰিক –
– পাকিস্তানৰ নাগৰিকে কোনো কাৰণতে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব নোৱাৰে। দুয়োখন দেশৰ মাজত ঐতিহাসিক আৰু ৰাজনৈতিক উত্তেজনাৰ বাবে পাকিস্তানৰ নাগৰিক ভাৰতীয় সেনাবাহিনীত যোগদানৰ যোগ্য নহয়।
– বাংলাদেশৰ নাগৰিকেও নিৰাপত্তা আৰু দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব নোৱাৰে।
– চীনৰ নাগৰিককো ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ দিয়া নহয়, যাৰ কাৰণ হৈছে চলি থকা ভূ-ৰাজনীতি আৰু সীমান্ত বিবাদ।
– আফগান নাগৰিক সাধাৰণতে নিযুক্তিৰ বাবে যোগ্য নহয়।
– ইউৰোপ, আফ্ৰিকা বা আমেৰিকাৰ লোকেও সাধাৰণতে নিৰ্দিষ্ট চৰ্ত পূৰণ নকৰালৈকে নামভৰ্তি কৰিব নোৱাৰে।
– শ্ৰীলংকাৰ জনসাধাৰণেও পোনপটীয়াকৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব নোৱাৰে। একেদৰে ম্যানমাৰ আৰু মালদ্বীপৰ মানুহেও পোনপটীয়াকৈ ভাৰতীয় সেনাবাহিনীত যোগদান কৰিব নোৱাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ