শতিকাৰ ভয়ংকৰ বনজুই, ঘৰ হেৰুৱালে বহু কেইগৰাকী হলীউড তাৰকাই
এই সময়ত আমেৰিকাৰ পৰা অতি দুখজনক খবৰ আহিছে। আমেৰিকাৰ লছ এঞ্জেলছৰ অৰণ্যত হোৱা অগ্নিকাণ্ডৰ বাবে চহৰখনৰ আড়ম্বৰপূৰ্ণ পেলিছাডেছ অঞ্চলত থকা বহু হলিউডৰ তাৰকাৰ বাংলো জ্বলি গৈছে।
ইয়াৰ বাবেই তাৰকাসকলে নিজৰ ঘৰ এৰি যাবলৈ বাধ্য হৈছে। পেৰিছ হিল্টন, ষ্টিভেন স্পিলবাৰ্গ, মেণ্ডী মূৰ, এষ্টন কাটচাৰকে ধৰি বহু হলিউডৰ তাৰকাৰ ঘৰ জ্বলি ছাই হৈ পৰিছে। পেৰিছ হিল্টনৰ ঘৰটো ৭২ কোটি টকাত নিৰ্মাণ কৰা হৈছিল।
এই অগ্নিকাণ্ড এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ বাবে হলিউডৰ বহু চেলিব্ৰিটিয়ে ঘৰ এৰি যাবলৈ বাধ্য হয়।
মন কৰিবলগীয়া যে এই সময়ত কেলিফৰ্ণিয়াত প্ৰচণ্ড বতাহ বলিছে আৰু এনে পৰিস্থিতিত এই জুইয়ে আৰু অধিক ভয়ানক ৰূপ ধাৰণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ