কাইলৈ ২ এপ্ৰিল ২০২৬বৃহস্পতিবাৰে চন্দ্ৰই কন্যা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ চ’তৰ পূৰ্ণিমা তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব ধ্ৰুৱ যোগ আৰু ব্যাঘাত যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব হস্ত নক্ষত্ৰ আৰু চিত্ৰা নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত বৃহস্পতিবাৰ হৈছে নাৰায়ণৰ প্ৰিয় দিন৷ ইয়াৰোপৰি কাইলৈ পালিত হ’ব হনুমান জয়ন্তী৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যৱান ৰাশিৰ তালিকাত কোন কোন আছে?
বৃষ ৰাশি
কাইলৈ হনুমানৰ কৃপা থাকিব বৃষ ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ বৃষ ৰাশিৰ ছাত্ৰছাত্ৰীয়ে কোনো গুৰুত্বপূৰ্ণ পৰীক্ষাত সাফল্য পাব পাৰে৷ যিসকলে চৰকাৰী চাকৰি কৰে তেওঁলোকে কাইলৈ ইন্দ্ৰ যোগৰ প্ৰভাৱত আৰ্থিকভাৱে লাভৱান হব৷ বন্ধুৰ সহায়তাত বৈদেশিক মুদ্ৰা লাভ কৰিব পাৰে৷ সামাজিক ক্ষেত্ৰত কাইলৈ প্ৰভাৱ প্ৰতিপত্তি আৰু জনপ্ৰিয়তা বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ৷
সিংহ ৰাশি
বৃহস্পতিবাৰে হনুমান জয়ন্তীত ধ্ৰুৱ যোগৰ শুভ প্রভাৱ থাকিব সিংহ ৰাশিৰ জাতকৰ ওপৰত৷ ব্যৱসায়ত লাভ বাঢ়িব আৰু ব্যৱসায়ত সম্প্ৰসাৰণ কৰাৰ যোগ আছে৷ দাম্পত্য জীৱনত কোনো সমস্যা থাকিলে কাইলৈ বজৰংবলীৰ কৃপাত সেয়া দূৰ হব পাৰে৷ কাইলৈ সন্ধিয়া আপুনি পৰিয়ালৰ সৈতে বেছ আনন্দেৰে সময় কটাব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে কাইলৈ তেওঁলোকে কোনো ভাল চাকৰিৰ প্ৰস্তাব পাব পাৰে৷
তুলা ৰাশি
কাইলৈ বৃহস্পতিবাৰে ধ্ৰুৱ যোগত নিজৰ কামক লৈ নিজেই সুখী থাকিব তুলা ৰাশিৰ জাতক৷ কোনোৱে আপোনাৰ সম্পৰ্কক লৈ কি কৈছে সেই বিষয় কাণ নিদিয়াকৈ নিজৰ কাম সম্পূৰ্ণ মন প্ৰাণ ঢালি কৰিব৷ কাইলৈ ব্যৱসায়ত বিনিয়োগ কৰিলে তাৰ পৰা মোটা টকা লাভ কৰিব পাৰে৷ কাইলৈ সকলোৰে পৰা নিজৰ কামৰ প্ৰশংসা পাব তুলাৰ জাতকে৷ পৰিয়াল আৰু বন্ধুৰ পৰা সকলো কামত সহায় পাব৷
বৃশ্চিক ৰাশি
কাইলৈ বৃহস্পতিবাৰে হনুমান জয়ন্তীত বজৰংবলীৰ আশীৰ্বাদ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কামক লৈ সুখী থাকিব আৰু অন্য কাৰোবাৰ সমালোচনাক মুঠেও কাণ নিদিব৷ ব্যৱসায়ত যি ধন বিনিয়োগ কৰিব সেয়া ডাবল হৈ উভতিব৷ সামাজিক কামৰ বাবে আপোনাৰ উদ্যোগক সকলোৱে প্ৰশংসা কৰিব৷ ইয়াৰ ফলত জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতকে৷
মীন ৰাশি
কাইলৈ ২ এপ্ৰিত বজৰংবলীৰ কৃপাত আপোনাৰ ৰৈ থকা বহু কাম সম্পন্ন কৰিব পাৰে৷ কাইলৈ আৰ্থিকভাৱে লাভ কৰিব মীন ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ সকলো কামত আপুনি মন দিব পাৰিব৷ সন্ধিয়া বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ পুৰণি অসুখত ভূগি থাকিলে কাইলৈ মুক্তি পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















