অসম লাইভ ২৪ঃ আদালততো সুৰক্ষিত নহয় সাধাৰণ জনতা৷ আদালতৰ চৌহদত সংঘটিত বোমা বিস্ফোৰণত নিহত ২ জন ব্যক্তি৷ বৃহস্পতিবাৰে দিনৰ ১২.২২ বজাত পঞ্জাবৰ লুধিয়ানা আদালতৰ চৌহদত সংঘটিত হয় এই ভয়ংকৰ বোমা বিস্ফোৰণ৷ কোনো অচিনাক্ত দুৰ্বৃত্তই বিল্ডিঙৰ দ্বিতীয় মহলাত সংঘটিত কৰে এই বিস্ফোৰণ৷ বিস্ফোৰণত আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কেইবাজনৰো অৱস্থা সংকটজনক৷ ঘটনাস্থলীত NIAৰ এটা উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে অনুসন্ধান৷ বিশাল নিৰাপত্তা বেষ্টনীৰ মাজত থকা DCP কাৰ্যালয়ৰ কাষতে থকা আদালত চৌহদত কিদৰে এই ঘটনা সংঘটিত হ’বলৈ পালে ইয়াকে লৈ এতিয়া চৰ্চা হৈছে দুৰ্বল নিৰাপত্তা বেষ্টনীৰ বিষয়টো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















